অসম

assam

খুচবুৰ পাছত এইবাৰ আটক নগাঁও কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ জ্যেষ্ঠ গাণনিক সঞ্জীৱ মিশ্ৰ

By

Published : Sep 16, 2021, 6:26 PM IST

নগাঁও কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ সহকাৰী গাণনিক খুচবু হৰলালকা নামৰ মহিলা কৰ্মচাৰী গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে একেটা কাৰ্যালয়ৰ জ্যেষ্ঠ গাণনিক সঞ্জীৱ মিশ্ৰকো গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীৰ এটা তদন্তকাৰী দলে । উল্লেখ্য যে, নগাঁও আৰক্ষীৰ নবীন বৰা নামৰ এগৰাকী কনিষ্টবলৰ পৰা জিপিএফৰ ঋণ মুকলি কৰি দিয়াৰ বিনিময়ত খুচবু হৰলালকা নামৰ মহিলা কৰ্মচাৰী গৰাকীয়ে এক হাজাৰ টকা উৎকোচ লৈছিল ৷ এই অপৰাধতে নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত এটা অভিযানকাৰী দলে কৌশলেৰে খুচবু হৰলালকাক উৎকোচ লোৱাৰ সময়ত হাতে-লোটে আটক কৰিছিল । ধৃত মহিলা কৰ্মচাৰী গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিতনগাঁও সদৰ আৰক্ষী থানাৰ এটি দলে সঞ্জীৱ মিশ্ৰক আটক কৰে । সম্প্ৰতি আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাৰ গোচৰ নং- ২২১৫/২১ মৰ্মে কৰ্মচাৰী দুগৰাকীক সোধপোচ অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

...view details