অসম

assam

ডিব্ৰুগড়তো আৰক্ষীৰ জালত 17 টা ভূ-মাফিয়া

By

Published : Sep 21, 2021, 6:37 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ৰ চুকে কোণে সোমাই থকা মাটিৰ দালালক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড়ৰ আৰক্ষীয়ে । প্ৰত্যেকটো ৰাজহ চক্ৰৰ অন্তৰ্গত মাটি ক্ৰয়-বিক্ৰয়ৰ নামত চক্ৰ বিষয়াৰ কাৰ্যালয় মেনেজৰ পৰা আনুসংগিক বিভিন্ন কামৰ নাম লৈ মোটা অংকৰ ধন লৈ বছৰৰ পাছত বছৰ ধৰি দালালিৰ বৃহৎ বজাৰ মেলি অগাধ সম্পত্তিৰ গৰাকী হোৱা মাটিৰ মধ্যভোগীৰ এতিয়া ৰক্ষা নাই ডিব্ৰুগড়ত । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে মঙলবাৰৰ পুৱাৰ পৰে অভিযান চলাই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰায় ১৭ টা মাটিৰ দালালক । জানিবপৰা মতে আৰক্ষীৰ তালিকাত বৰ্তমানলৈকে আছে ২৬ টা দালালৰ নাম । কিন্তু এই তালিকা আৰু অধিক দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে ডিব্ৰুগড় আৰক্ষীয়ে । ডিব্ৰুগড় সদৰ থানাৰ অন্তৰ্গত এলেকাৰ পৰা ৯ টা, লাহোৱালৰ ২ টা, মৰাণৰ ১টা, জয়পুৰৰ ১টা,নাহৰকটীয়া ১ টা, খোৱাঙৰ ২ টা আৰু বৰবৰুৱা সদৰ থানাৰ অন্তৰ্গত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । ডিব্ৰুগড়ৰ সদৰ থানাৰ গোচৰ নম্বৰ 1827/21 অধীনত ভাৰতীয় দণ্ডবিধিৰ 120(B),468/471/409/406/420 ধাৰাত গোচৰ পঞ্জীয়ন কৰি এই অভিযান অব্যাহত ৰাখিছে । আৰক্ষী অধীক্ষক শ্বেতাং মিশ্ৰাই গ্ৰেপ্তাৰ হোৱা দালালৰ প্ৰাৰম্ভিক তদন্তত আন বহু ব্যক্তিৰ নাম সাঙুৰ খাইছে বুলি জানিবলৈ দিয়ে । ইফালে ডিব্ৰুগড় আৰক্ষীৰ জালত পৰা ১৭ টা দালালে সদৰ থানাৰ মজিয়াতে সাংবাদিকৰ কেমেৰাক উদেশ্যি অভিযোগ তুলি নাম ল'লে একাংশ মুধাফুটা ব্যক্তিৰো ৷ যি মাটিৰ দালালি চক্ৰত জড়িত বুলি তেওঁলোকে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ।

ABOUT THE AUTHOR

...view details