অসম

assam

শিৱসাগৰ সমষ্টিৰ সামগ্ৰিক উন্নয়নক লৈ তৎপৰ অখিল গগৈ

By

Published : Sep 20, 2021, 5:25 PM IST

শিৱসাগৰ বিধানসভা সমষ্টি উন্নয়নৰ বাবে ব্যাপক তৎপৰ হৈ পৰিছে বিধায়ক অখিল গগৈ । সমষ্টিটোৰ সৰ্বাংগীন উন্নয়ৰ বাবে ইতিমধ্যে বহু কেইটা প্ৰকল্প চৰকাৰৰ তৰফৰ পৰা লাভ কৰিছে বুলি সংবাদ মাধ্যমক অৱগত কৰে বিধায়ক গৰাকীয়ে । শিৱসাগৰ সমষ্টিৰ বাট-পথ উন্নয়নৰ বাবে চৰকাৰৰ তৰফৰ পৰা ১২ কোটি টকাৰ আৱণ্টন লাভ কৰিছে বুলি সদৰী কৰি বিধায়ক গৰাকীয়ে কয় যে, অসমৰ মুখ্যমন্ত্ৰীৰ সমষ্টি যিমান উন্নয়ণ হ'ব শিৱসাগৰ সমষ্টিৰো সিমান উন্নয়ন হ'ব ।শিৱসাগৰ সমষ্টিৰ বিভাগ সমূহৰ সময়োচিত উন্নয়নৰ বাবে ইতিমধ্যে সকলো বিভাগৰ এক ৰোড মেপ তৈয়াৰ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । সেইদৰে নগৰ উন্নয়ণ শিতানত শিৱসাগৰ নগৰ উন্নয়নৰ বাবে ১০০ কোটি টকাৰ এক আঁচনি আগবঢ়োৱা হৈছে বুলিও বিধায়ক গৰাকীয়ে কয় ।

ABOUT THE AUTHOR

...view details