অসম

assam

উল্টাপানি এনকাউণ্টাৰ : বৰমাত নিহতলৈ শ্ৰদ্ধাঞ্জলি

By

Published : Sep 25, 2021, 9:44 AM IST

কোকৰাঝাৰত নৱগঠিত উগ্ৰপন্থী সংগঠন ULB ৰ সদস্যৰ সন্দেহত আৰক্ষীৰ এনকাউণ্টাৰত নিহত জনক কুমাৰ ব্ৰহ্ম আৰু জংছাৰ মছাহাৰীৰ আত্মাৰ শান্তি কামনা কৰি শুকুৰবাৰে বৰমা মহাবিদ্যালয়ত বন্তি প্ৰজ্বলন কৰা হয় ৷ হত্যাকাণ্ডৰ ন্যায় বিচাৰি বৰমা এবছু আৰু বৰমা মহাবিদ্যালয় বড়ো এছ’চিয়েছনৰ ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰক উচিত তদন্ত কৰিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত উপস্থিত থাকি বৰমা মহাবিদ্যালয়ৰ অধ্যাপক সঞ্জয় বড়োৱে বন্তি প্ৰজ্বলন কৰে ৷

ABOUT THE AUTHOR

...view details