অসম

assam

Food Civil Supply Department Operation : চিৰাঙত খাদ্য অসামৰিক যোগান বিভাগৰ অভিযান

By

Published : Dec 24, 2021, 2:07 PM IST

এইবাৰ চিৰাঙত চলিল খাদ্য-অসামৰিক যোগান বিভাগৰ অভিযান(Food Civil Supply Department Operation at Chirang) ৷ বৃহস্পতিবাৰে খাদ্য-অসামৰিক যোগান বিভাগৰ তৰফৰ পৰা জোখ-মাখ বিভাগে চিৰাঙৰ বিজনী বজাৰৰ বিভিন্ন দোকানসমূহত অভিযান চলায়(Legal Meterology Department operation at Chirang) ৷ এই অভিযানত জোখ-মাখ বিভাগৰ দলটোৱে ইলেকট্ৰনিক ওজন জোখা চাৰিটা যন্ত্ৰ, ম্যাদ ওকলি যোৱা চাৰি কাৰ্টন চাউমিনৰ লগতে বিভিন্ন ধৰণৰ ম্যাদ শেষ হোৱা খাদ্যবস্তু জব্দ কৰে ৷ জানিব পৰা মতে, চিৰাঙৰ বিভিন্ন বজাৰত ব্যৱসায়ীসকলে বিভাগীয় নীতি-নিয়ম উলাংঘা কৰি ব্যৱসায় কৰি অহাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে খাদ্য-অসামৰিক যোগান বিভাগৰ তৰফৰ পৰা জোখ-মাখ বিভাগে এই অভিযান আৰম্ভ কৰে(Food Civil Supply Department operation against Faulty Traders) ৷ বিভাগীয় নীতি নিয়ম উলংঘা কৰি ব্যৱসায় চলাই থকা বিজনী বজাৰৰ এই ব্যৱসায়ীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা লগতে এইক্ষেত্ৰত উচিত আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে বিভাগীয় বিষয়াই ৷

ABOUT THE AUTHOR

...view details