অসম

assam

হাউলী আৰক্ষীৰ জালত পৰিল ৪ টা ভূ-মাফিয়া

By

Published : Sep 21, 2021, 3:55 PM IST

ড্ৰাগছৰ পাচত এইবাৰ অসম আৰক্ষীৰ শেন চকু মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে ৷ সোমবাৰে নিশা পৰা ৰাজ্যজুৰি ভূ-মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই অভিযান ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বৰপেটাৰ হাউলীতো চলিল আৰক্ষীৰ অভিযান ৷ হাউলী আৰক্ষীৰ জালত পৰিছে ৪ টা ভূ-মাফিয়া ৷ হাউলী আৰক্ষীয়ে আটক কৰা ভূ-মাফিয়াকেইটা হ’ল ক্ৰমে- আব্দুছ চাত্তাৰ, নজৰুল ইছলাম, অজয় কুমাৰ দাস আৰু ইনচান আলি ৷ ভূ-মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানক কেন্দ্ৰ কৰি হাউলীত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷

ABOUT THE AUTHOR

...view details