অসম

assam

Zubeen Garg in Nalbari : নলবাৰীৰ বেলশৰত জুবিনৰ সংগীতানুষ্ঠান

By

Published : May 2, 2023, 12:38 PM IST

বেলশৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান

নলবাৰী, ২ মে' :সোমবাৰে নিশা নলবাৰী জিলাৰ বেলশৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান (Zubeen Garg in Nalbari)। হাজাৰ হাজাৰ দৰ্শকেৰে ভৰি পৰে পশ্চিম নলবাৰীৰ বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ । পঞ্চাদশ বাৰ্ষিক পশ্চিম নলবাৰী ৰঙালী বিহুত নিশা সাংস্কৃতিক সন্ধিয়াৰ আমন্ত্ৰিত কণ্ঠশিল্পী আছিল জুবিন গাৰ্গ ।

গছৰ ডাল, ঘৰৰ মুধচত উঠি নিশা কেইবা সহাস্ৰাধিক লোকেৰে জুবিনময় হৈ পৰে বেলশৰ (Zubeen Garg cultural programme at Nalbari)। সংগীতশিল্পী, হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সংগীতৰ সুৰে মায়াবিনী ৰাতিৰ বুকুৰে আৰম্ভ কৰি, তুমি যেন পপীয়া তৰা, মনলৈ উভতি আহে ল'ৰালি আদি জনপ্ৰিয় গীতেৰে জুবিন গাৰ্গে হাজাৰ হাজাৰ দৰ্শকক আপ্লুত কৰে । এটাৰ পিচত আন এটা জনপ্ৰিয় গীত গাই দৰ্শকৰ মন জয় কৰে জুবিন গাৰ্গে ।

লগতে পঢ়ক :Pranab Sinha Memorial Award; এনৰেগা আঁচনিৰ শ্ৰমিকতকৈয়ো কম মজুৰিত কাম কৰি আছে অসমৰ সাংবাদিকে : গৌতম শৰ্মা

ABOUT THE AUTHOR

...view details