ETV Bharat / state

Pranab Sinha Memorial Award; এনৰেগা আঁচনিৰ শ্ৰমিকতকৈয়ো কম মজুৰিত কাম কৰি আছে অসমৰ সাংবাদিকে : গৌতম শৰ্মা

author img

By

Published : May 1, 2023, 9:41 PM IST

Updated : May 2, 2023, 11:55 AM IST

তেজপুৰত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ "প্ৰণৱ সিংহ স্মাৰক বঁটা" গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাৰ মন্তব্য, অসমৰ সাংবাদিক সকলে আজিও এনৰেগা শ্ৰমিকতকৈও কম মজুৰি লাভ কৰে (Pranab Sinha Memorial Award for the year 2023) ৷

Pranab Sinha Memorial Award
প্ৰণৱ সিংহ স্মাৰক বঁটা

প্ৰণৱ সিংহৰ স্মৃতি দিৱস

তেজপুৰ, ১ মে' : এইবৰ্ষৰ প্ৰণৱ সিংহ স্মাৰক বঁটা লাভ কৰে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই ৷ বঁটা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিকজনে বৰ্তমান অসমত সাংবাদিকসকলৰ অস্তিত্ব সন্দৰ্ভত মত পোষণ কৰে ৷ গৌতম শৰ্মাই ক্ষোভেৰে মন্তব্য কৰে যে, এনৰেগা আঁচনিৰ শ্ৰমিকতকৈয়ো কম মজুৰিত অসমৰ সাংবাদিকে কাম কৰি আছে ৷ গৌতম শৰ্মাই সাংবাদিক সকলৰ উচিত পাৰিতোষিক নিৰ্ধাৰণ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে এই দাবীৰ ক্ষেত্ৰত ৰাজ্যখনত এক জনমত গঠন কৰিবলৈ মফচলীয় সাংবাদিক সকলৰ প্ৰতি আহ্বান জনায় (Senior journalist Gautam Sharma) ।

Senior journalist Gautam Sharma
প্ৰণৱ সিংহ স্মাৰক বঁটা

উল্লেখ্য যে, শোণিতপুৰৰ সংবাদকৰ্মী সকলৰ অভিভাৱক স্বৰূপ তথা শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰণৱ সিংহৰ স্মৃতি দিৱসৰ দিনটোতে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে ইউনিয়নৰ চৌহদত আয়োজন কৰে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ প্ৰণৱ সিংহৰ প্ৰতিচ্ছবিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ উপদেষ্টা তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে উক্ত স্মৃতিচাৰণ আৰু প্ৰণৱ সিংহ স্মাৰক বঁটা প্ৰদান অনুষ্ঠানটি আৰম্ভ হয় (Pranab Sinha Memorial Award for the year 2023) ৷

শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ জ্যেষ্ঠ সদস্য, সাংবাদিক পুলক কুমাৰ ডেকাই আঁত ধৰা অনুষ্ঠানটিত তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, প্ৰণৱ সিংহৰ ভাই বোৱাৰী তথা অধিবক্তা দুলুমণি সিংহ, বিশিষ্ট সাহিত্যিক মাণিক বৰা, ভূৱন চন্দ্ৰ গগৈ, তেজপুৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতী, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰ, শোণিতপুৰ জিলা জন সংযোগ বিষয়া নীনা বৰুৱাকে ধৰি অনুষ্ঠানটিৰ অতিথি আৰু সাংবাদিক সকলে পিকু মহন্তৰ ঘোষা পাঠৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰণৱ সিংহক ।

Pranab Sinha Memorial Award
প্ৰণৱ সিংহৰ স্মৃতি দিৱস

ইয়াৰ পিছতেই অন্বেষা কাশ্যপৰ এটি বৰগীতেৰে আৰম্ভ হয় মূল অনুষ্ঠান । শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত এই অনুষ্ঠানৰ আৰম্ভণিতেই বিশিষ্ট শিক্ষাবিদ ড৹ প্ৰাণজিৎ হাজৰিকা আৰু প্ৰণৱ সিংহৰ সতীৰ্থ, বিশিষ্ট নাট্যকাৰ -পৰিচালক-লেখক ঐশ্বৰ্য্য কাকতীয়ে প্ৰণৱ সিংহৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰি প্ৰণৱ সিংহ কেনেকৈ এগৰাকী সফল, দক্ষ সাংবাদিকৰ লগতে এগৰাকী সামাজিক দায়বদ্ধ ব্যক্তি আছিল সেই কথা সদৰী কৰে (Pranab Sinha Memorial Award) ।

অনুষ্ঠানটিত ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক মুখ্য অতিথি তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙে প্ৰণৱ সিংহ স্মাৰক বঁটা প্ৰদান কৰে । এই বঁটাত আছে এখন ফুলাম গামোচা, চেলেং, ফুলাম জাপি, নগদ ধন আৰু প্ৰশস্তি পত্ৰ ৷

বঁটা গ্ৰহণ কৰি গৌতম শৰ্মাই বঁটাৰ নামত প্ৰদান কৰা ধনৰাশি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ পুঁজিলৈ আগবঢ়ায় ৷ ভাষণত নিজকে এগৰাকী বিশিষ্ট সাংবাদিকটো নহয়েই এগৰাকী সাংবাদিকেই নহয় বুলি মন্তব্য কৰি এগৰাকী বাতৰি যোগনিয়াৰহে বুলিহে উপস্থাপন কৰে তেওঁ ৷ সাৱলীল ভাষণ আৰু গীতেৰে উপস্থিত ৰাইজক আপ্লুত কৰে গৌতম শৰ্মাই । আনহাতে মুখ্য অতিথিৰ আসনৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্, অধ্যাপক শম্ভূনাথ সিঙে সকলো কামৰ ভিতৰত সাংবাদিকতাই অতি কঠিন কাম বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : Two thieves detained: মছজিদত চুৰি কৰিবলৈ গৈ হাতে লোটে ধৰা পৰিল দুটা গভাইত চোৰ

Last Updated :May 2, 2023, 11:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.