অসম

assam

Zubeen Garg 50th birthday: বঢ়মপুৰত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে উদযাপন কৰিলে হাৰ্টথ্ৰ’ৱৰ বাৰ্থডে’

By

Published : Nov 18, 2022, 10:44 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

অসমীয়াৰ হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৫০ তম জন্মদিন (Zubeen Garg 50th birthday)। সমগ্ৰ দেশজুৰি অনুৰাগীসকলে হেপাঁহৰ শিল্পীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষ অনুষ্ঠানৰ জৰিয়তে পালন কৰিছে মৰমৰ শিল্পীগৰাকীৰ ৫০তম জন্মদিনটি । কিন্তু ইয়াৰ বিপৰীতে এই বিশেষ দিনটোত পুৱাতেই বঢ়মপুৰস্থিত শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ হেপাঁহৰ শিল্পীগৰাকীৰ জন্মদিনটো উদযাপন কৰিলে এক ব্যতিক্ৰমী ৰূপত । জুবিন গাৰ্গক ছাত্ৰ-ছাত্ৰী সকলে জন্মদিন উপহাৰো প্ৰদান কৰিছে শিল্পীসূলভভাৱে । বিদ্যালয়খনৰ শিক্ষক ৰূদ্ৰ বৰাৰ দ্বাৰা বিৰচিত তথা সুৰ কৰা এটি গীত পৰিৱেশন কৰি হেপাঁহৰ শিল্পীগৰাকীলৈ উপহাৰ হিচাপে স্ববিৰচিত গীতটি আগবঢ়াই এক অনন্য ৰূপত জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে বিদ্যালয়খনৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details