অসম

assam

Woman stabs a man: মহিলাৰ চোকা অস্ত্ৰৰ ঘাপত এজন আহত

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 1:35 PM IST

মহিলাৰ ঘাপত এজন আহত

লখিমপুৰ, ৩০ অক্টোবৰ : দেওবাৰে নিশা লখিমপুৰ নগৰৰ সমীপৰ হাজং গাঁৱত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। এগৰাকী মহিলাই এজন লোকক ঘপিয়াই আহত কৰে ৷ 

পিংকী নামৰ এগৰাকী মহিলাই নকাড়ী হাজং গাঁৱৰ এজন লোকক চোকা অস্ত্ৰৰে গুৰুতৰভাৱে আঘাত কৰাৰ ঘটনা সংঘটিত কৰাৰ পাচতে অঞ্চলটোত পৰিস্থিতি উত্তপ্ত হৈ পৰে। গাঁওখনৰ লোকসকলে এই খবৰ লাভ কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷ এই ঘটনাৰ উমান পাই জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয়। লখিমপুৰ সদৰ আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰি আঘাতপ্ৰাপ্ত লোকজনক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ইতিমধ্যে মহিলাগৰাকীক আৰক্ষীয়ে আটক কৰি লখিমপুৰ সদৰ থানালৈ লৈ যায় বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, পূৰ্বেও এই মহিলাগৰাকীয়ে আন এজন লোকক চোকা অস্ত্ৰৰে গুৰুতৰভাৱে আঘাত কৰাৰ ঘটনা সংঘটিত কৰিছিল । ধনৰ সংক্ৰান্ততে এই ঘটনাটো ঘটে বুলি স্থানীয় ৰাইজে আশংকা কৰিছে ৷

লগতে পঢ়ক:Ganja Peddler detained: ৰাইজৰ ৰোষত পৰিল গাঞ্জা সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details