অসম

assam

Man animal conflict: নলবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত আহত এজন

By

Published : May 24, 2023, 3:38 PM IST

বনৰীয়া হাতীৰ আক্ৰমণ

নলবাৰী,  ২৪ মে’ : নলবাৰীৰ উত্তৰাঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস । প্ৰতিদিনেই বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলোৱাৰ লগতে তহিলং কৰিছে খেতিপথাৰ । জিলা খনৰ বৰ আগ্ৰাৰ বড়ো চুবুৰীত বুধবাৰে পুৱা হাতীয়ে উপদ্ৰৱ চলোৱাৰ লগতে হাতীৰ আক্ৰমণত আহত হয় এগৰাকী লোক (Man elephant conflict) ।

ফনীন্দ্ৰ হালৈ নামৰ লোকজনে পথাৰত খেতি চাবলৈ যাওতে হাতীৰ গচকত গুৰুতৰভাবে আহত হয় (Wild elephnat attack man in Nalbari) । আহত ফনীন্দ্ৰ হালৈক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । বিগত কিছুদিন ধৰি দুটা বনৰীয়া হাতীয়ে জিলাখনৰ কেইবাটাও অঞ্চলত উপদ্ৰৱ চলাই আহিছে । কিন্ত ইয়াৰ পিচতো বন বিভাগে আজিলৈ হাতী খেদিবলৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ।

ABOUT THE AUTHOR

...view details