Minor Girl dies at Guwahati: পাঁচ মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু কিশোৰীৰ

author img

By

Published : May 24, 2023, 1:21 PM IST

Updated : May 24, 2023, 1:41 PM IST

Minor Girl dies at Guwahati

গুৱাহাটীত ৰহস্যজনকভাৱে মৃত্যু ১৩ বছৰীয়া কিশোৰীৰ ৷ নিশা 5 মহলীয়া অট্টালিকাৰ পৰা পৰি অকাল মৃত্যুক আকোঁৱালি লয় কিশোৰীগৰাকীয়ে ৷ মৃত কিশোৰীগৰাকী সংস্কৃতি দা গুৰুকুল স্কুলৰ ছাত্ৰী (Girl dies after falling from 5 storey building) ৷

গুৱাহাটী, ২৪ মে’: গুৱাহাটী মহানগৰীৰ তৰুণ নগৰত মঙলবাৰে নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা (Girl dies after falling from 5 storey building) । তৰুণ নগৰত পাঁচ মহলীয়া অট্টালিকাৰ পৰা পৰি অকাল মৃত্যুক আকোঁৱালি লয় এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে । মঙলবাৰে নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হয় এই কৰুণ ঘটনা । স্থানীয় লোকে নিশা কিশোৰীগৰাকীক ৰক্তাক্ত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰি লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ৷

তৰুণ নগৰ ৫ নং উপপথৰ জীৱন নিহাৰ এপাৰ্টমেন্টত সংঘটিত হয় এই ঘটনা । জানিব পৰা মতে, এই ঘটনাত থিতাতে মৃত্যু হয় কিশোৰীগৰাকীৰ (Girl falls from building, dies) ৷ স্থানীয় লোকে সদৰী কৰা মতে অট্টালিকাটোৰ দ্বিতীয় মহলাত বাস কৰিছিল কিশোৰীগৰাকীয়ে (Minor Girl dies at Guwahati) । এই ঘটনা সংঘটিত হোৱাৰ সময়ত কিশোৰীগৰাকীৰ ঘৰত তেওঁ পিতৃ-মাতৃ কোনো নথকাৰ কথা জানিব পৰা হৈছে ৷ ইফালে স্থানীয় লোকে অৱগত কৰাৰ পাচতেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷

আৰক্ষীয়ে কিশোৰীগৰাকীক তেনে অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি কিশোৰীগৰাকীৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰখা হৈছে (Guwahati Medical College and Hospital) ৷ মৃত কিশোৰীগৰাকী সংস্কৃতি দ্য গুৰুকুল স্কুলৰ ছাত্ৰী আছিল (Girl dies after falling from 5 storey building)।

ইফালে কিশোৰীগৰাকীৰ মৃত্যুক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত অব্যাহত আছে উত্তেজনা । কিশোৰীগৰাকীক হত্যা কৰা হৈছে নে এয়া আত্মহত্যা অথবা দুৰ্ঘটনা, সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ জীৱন নিহাৰ এপাৰ্টমেন্টৰ দ্বিতীয় মহলাত বাস কৰা কিশোৰীগৰাকী পঞ্চম মহলাৰ পৰা পৰি কেনেদৰে মৃত্যু হ’ল তাকে লৈ এতিয়া সকলোৰে মনত সৃষ্টি হৈছে ৰহস্যৰ ৷ আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷

লগতে পঢ়ক: Junmoni Rabha death case: আৰক্ষী সঞ্চালকৰ কাৰ্যালয়ত হাছিনা বেগম; ৯ ব্যক্তিৰ বিৰুদ্ধে দাখিল এজাহাৰ

Last Updated :May 24, 2023, 1:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.