অসম

assam

Vineet Bagaria suicide case: বৈদুল্লা খানৰ ভগ্নী চায়েৰাক আটক ডিব্ৰুগড় আৰক্ষীৰ

By

Published : Jul 16, 2022, 1:13 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনাৰ নতুন মোৰ ৷ আত্মহত্যাৰ ঘটনাত নাম সাঙোৰ খোৱা বৈদুল্লা খানৰ (Accused of Vineet Bagaria suicide) পৰিয়ালৰ বিৰুদ্ধে উখাপিত হৈছে এতিয়া ন ন অভিযোগ । কেৱল বৈদুল্লাই নহয় ভগ্নী চায়েৰাও সুদখোৰ ৷ বহু বছৰ ধৰি বৈদুল্লা খানৰ ভাতৃ চামচুল্লা খান, ভগ্নী চায়েৰা বেগম আৰু পিতৃ আব্দুল্লা খানে ডিব্ৰুগড়ত বিভিন্ন লোকক ভয় ভাবুকি আৰু মাৰপিট কৰাৰ আন এক তথ্য পোহৰলৈ আহিছে ৷ ঘটনা পোহৰলৈ অহাৰ পিছতেই শনিবাৰে বৈদুল্লা খানৰ ভগ্নী চায়েৰা বেগমক আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে (Sayera arrested by Dibrugarh police)। কাবুলিৱালা চায়েৰাই ডিব্ৰুগড়ৰ কমৰুদ্দিন আহমেদ আৰু মিনু বেগমৰ ওপৰত চলাইছিল অবৰ্ণনীয় অত্যাচাৰ ৷ সুদলৈ ধন দি দৰিদ্ৰ পৰিয়ালটোৰ পৰা কিডনি বিক্ৰী কৰাই ১ লাখ টকাৰ পৰিৱৰ্তে ৩ লাখ ৫০ হাজাৰ টকা আদায় কৰিছিল চায়েৰাই ৷ কমৰুদ্দিন আহমেদে জনোৱা অনুসৰি তেওঁৰ পত্নীৰ লগত ধনৰ লেনদেন কৰিছিল চায়েৰাই ৷ ইয়াৰ এবছৰ নহওঁতেই পৰিয়ালটোক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে পৰ্যাপ্ত পৰিমানতকৈ অধিক ধন লুটি লৈ যায়৷ ইয়াৰ পিছতে ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপে ভুক্তভোগী পৰিয়ালটোৱে ৷ ভুক্তভোগীৰ গোচৰৰ ভিত্তিত আজি আৰক্ষীয়ে আটক কৰে সুদখোৰ চায়েৰাক ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details