অসম

assam

Bihpuria fake gold and currency market:নকল সোণ আৰু টকাৰ বিৰুদ্ধে পুনৰ এক্সনত আনন্দ মিশ্ৰ

By

Published : Aug 11, 2023, 7:48 PM IST

আৰক্ষীৰ জালত ব্যৱসায়ী

বিহপুৰীয়া, 11 আগষ্ট :আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ পিচতে পোহৰলৈ আহিছিল ৰাজ্যত চলি থকা নকল সোণ আৰু নকল টকাৰ ৰমৰমীয়া ব্যৱসায়ৰ এক দীঘলীয়া ক’লা অধ্যায় । বিশেষকৈ লখিমপুৰ জিলাৰ বঙালমৰা অঞ্চলত চলি অহা এই ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাবলৈ লখিমপুৰ জিলালৈ আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰক নিযুক্তি দিয়াৰ পিচতে জিলাখনৰ এই ব্যৱসায়ৰ লগত জড়িত বহু লোকে আত্মসমৰ্পণ কৰিছিল । কিন্তু শুকুৰবাৰে পুনৰ আৰক্ষী অধীক্ষকগৰাকীক প্ৰত্যাহ্বান জনাই এই ব্যৱসায়ত নামি পৰিছিল তিনিজনকৈ লোক । ইতিমধ্যে বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত সোণাপুৰৰ এই ব্যৱসায়ত জড়িত ২ জন লোকক আৰক্ষীয়ে আটক কৰিছে ।

বিহাৰৰ ২ জন ব্যক্তিক বান্দৰদেৱালৈ মাতি আনি নকল সোণ বিক্ৰী কৰিবলৈ লওঁতেই বিহপুৰীয়া আৰক্ষী আৰু বান্দৰদেৱা আৰক্ষীয়ে দুয়োকে আটক কৰাৰ বিপৰীতে এজন লোক পলাই যায় । ব্যক্তি ২ জনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছ এখন নকল সোণৰ নাওঁ, নগদ ৭৭ হাজাৰ টকা, ২ খন মটৰ চাইকেল আৰু ৩ টা মোবাইল ফোন । ধৃত লোক দুজন সোণাপুৰৰ খাজালুদ্দিন আৰু আইজুল ইছলাম বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Crime in Lakhimpur: লখিমপুৰত চোৰাং সোণ বিক্ৰী কৰিবলৈ আহোতেই ৰাইজে ধৰিলে চোৰ

ABOUT THE AUTHOR

...view details