ETV Bharat / state

Crime in Lakhimpur: লখিমপুৰত চোৰাং সোণ বিক্ৰী কৰিবলৈ আহোতেই ৰাইজে ধৰিলে চোৰ

author img

By

Published : Aug 9, 2023, 6:54 PM IST

নকল সোণৰ বেহাৰ বাবে বিখ্যাত লখিমপুৰত এইবাৰ আচল সোণৰ চোৰাং বেহা । দিন দুপৰতে চুৰি সোণৰ অলংকাৰ বেচিবলৈ আহি চোৰ পৰিল ৰাইজৰ কবলত। ঘটনাটো ঘটে বুধবাৰে বিয়লি লখিমপুৰ নগৰৰ বৰমূৰীয়া তিনিআলিত ।

Gold smuggler arrested at bormuria tiniali in Lakhimpur
চুৰি সোণৰ অলংকাৰ বেচিবলৈ আহি ৰাইজৰ ৰোষত চোৰ

চুৰি সোণৰ অলংকাৰ বেচিবলৈ আহি ৰাইজৰ ৰোষত চোৰ

লখিমপুৰ, ৯ আগষ্ট: এইবাৰ নকল সোণৰ বাবে নহয় আচল সোণৰ চুৰি বেহাৰ বাবে পুনৰ চৰ্চালৈ আহিল লখিমপুৰৰ নাম । আৰক্ষীয়ে নকল সোণৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতে বুধবাৰে লখিমপুৰত গভাইত চোৰ পৰিল ৰাইজৰ কবলত । গভাইত চোৰটোৱে পাঁচ তোলা সোণ বিক্ৰী কৰিবলৈ আনোতে ধৰিলে ৰাইজে ।

লখিমপুৰ নগৰৰ বৰমূৰীয়া তিনিআলিত বুধবাৰে বিয়লি দিন দুপৰত এটা গভাইত চোৰক ৰাইজে কৰায়ত্ত কৰে । প্ৰায় পাঁচ তোলা ওজনৰ চুৰি সোণৰ অলংকাৰ বিক্ৰী কৰিবলৈ আহোতেই চোৰটো পৰিল ৰাইজৰ কবলত । জানিব পৰা মতে,বিয়লি চোৰটোৱে সোণৰ অলংকাৰখিনি বৰমূৰীয়া তিনিআলিত সোণাৰিশালত বিক্ৰী কৰিবলৈ যো জা কৰোতে স্থানীয় লোকৰ সন্দেহ হোৱাত সোধ পোচ কৰোতেই ধৰা পৰে ।

ৰাইজে কৰায়ত্ত কৰা চোৰটোৰ নাম তপন নাথ । চোৰটোৱে আজি চুৰি সোণখিনি বিক্ৰি কৰিবলৈ আহোতেই হাতেলোটে কৰায়ত্ত কৰে ৰাইজে। ধৃত তপনে স্বীকাৰোক্তি দিয়া মতে, তেওঁৰ ঘৰ লখিমপুৰৰ খগাত । স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে তপন নামৰ গভাইত চোৰটোৱে দীর্ঘ দিন ধৰি চুৰ কৰি আহিছে। ৰাইজে ধৰি তপনৰ পৰা সোণ মোবাইল আদি উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে । ৰাইজৰ খবৰৰ ভিত্তিত লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে চোৰটোক আটক কৰি সদৰ থানালৈ আনে । সম্প্রতি চোৰটোক আৰক্ষীয়ে সদৰ থানাত সোধপোচ কৰি আছে ।

ৰাইজে পাঁচ তোলা সোণৰ অলংকাৰ আৰু দুটা মোবাইল উদ্ধাৰ হয় চোৰটোৰ পৰা । ৰাইজে চোৰটোৰ পৰা উদ্ধাৰ কৰা সোণখিনিৰ মূল্য প্ৰায় ২ লাখ টকা হ'ব । উল্লেখ্য নকল সোণৰ বেহাৰ বাবে বিখ্যাত হৈ পৰা লখিমপুৰত এইবাৰ আচল চোৰাং সোণৰ বেহা আৰম্ভ হৈছে। জিলাখনত এতিয়া এইদৰে নকল সোণ, আচল সোণৰ চোৰাং বেহা চলি থকাৰ ঘটনা পোহৰলৈ অহাত স্থানীয় ৰাইজ উদ্বিগ্ন হৈ পৰিছে ৷

লগতে পঢ়ক:APCC slams CM Himanta: তাচ্ছিল্য কৰাৰ বিপৰীতে মুখ্যমন্ত্রীয়ে বিষয়ৰ গভীৰতা উপলব্ধি কৰিব লাগিছিল; প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.