অসম

assam

Boat race at Kopili River: হোজাইৰ কপিলী নৈত নাও খেল

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 10:10 PM IST

হোজাইৰ কপিলী নৈত নাও খেল

হোজাই, ১১ ছেপ্টেম্বৰ:হোজাইৰ যমুনামুখ আৰু ৰহা সমষ্টিৰ কুম্ভীৰডুবিত কপিলী নৈত সোমবাৰে এখন আকৰ্ষণীয় নাও খেল অনুষ্ঠিত হয় ৷ কপিলী কান ইছলাম নগৰ সমাজ সংস্কাৰ নাওখেল সমিতিয়ে আয়োজন কৰা প্ৰাইজমানি এই নাওঁখেলখনত বহুকেইটা দলে অংশগ্ৰহণ কৰে ৷ কপিলী নৈৰ দুইপাৰত কেইবা সহস্ৰাধিক ৰাইজে এই নাওখেলখন উপভোগ কৰে ৷ 

নাও খেলৰ চূড়ান্ত খেলখনত কুম্ভীৰডুবিয়ে প্ৰথম স্থান আৰু চেঙাজানে দ্বিতীয় স্থান দখল কৰে ৷ ইফালে নাও খেলত উপভোগ কৰিবলৈ কুম্ভীৰডুবিত কপিলী নৈৰ পাৰত উপস্থিত হয় বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস ৷  বিধায়কদ্বয়ে নাও খেলখন উৎফুল্লিত হোৱা বুলি উল্লেখ কৰাৰ লগতে এনে ধৰণৰ গ্ৰাম্য ক্ৰীড়াই পিছপৰা অঞ্চলৰ খেলুৱৈসকলৰ আগুৱাই যোৱাত যথেষ্ট সহায়ক হ’ব বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত যমুনামুখকে আদি কৰি এটি বৃহৎ পৰিসৰৰ অঞ্চল বঢ়মপুৰ সমষ্টিত অন্তৰ্ভূক্ত হোৱাৰ হেতুকে বিধায়ক জিতু গোস্বামীয়ে নিজৰ ভেটি সৃদৃঢ় কৰাৰ বাবে আৰম্ভণিৰ পৰাই প্ৰয়াস কৰা বুলি ৰাইজৰ মাজত চৰ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক:Traditional boat race in Barpeta : মন্দিয়াত বিৰাট নাওখেল প্ৰতিযোগিতা; ৰাইজৰ চকুৰ মণি নাৱৰ বৃহৎ জয়লাভ

ABOUT THE AUTHOR

...view details