অসম

assam

Drugs Seized at Bakaliaghat: বকলীয়াঘাটত নিচাজাতীয় দ্ৰব্যসহ আটক তিনি সৰবৰাহকাৰী

By

Published : May 8, 2023, 9:55 PM IST

আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ডিফু, 8 মে': আৰক্ষীৰ অভিযানত কাৰ্বি আংলঙত পুনৰ হেৰʼইন, গাঞ্জাসহ আটক তিনি সৰবৰাহকাৰী ৷ কাৰ্বি আংলঙত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতেই আজি বিয়লি জিলাখনৰ বকলীয়াঘাটত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা আৰু হেৰʼইনসহ তিনিটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে (Three Arrested With Heroin at Bakaliaghat) ৷  

জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি আজি বিয়লি বকলীয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বকলীয়াঘাটৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এক তালাচী অভিযান চলায় (Drugs Seized at Bakaliaghat) ৷ এই অভিযানত ডিমাপুৰৰ পৰা আহি থকা এএছ-02-চি-3637 নম্বৰৰ যাত্ৰীবাহী বাছখনত তালাচী চলাই দুটা বেগৰ ভিতৰত চাৰিটা পেকেটত ভৰাই অনা অৱস্থাত প্ৰায় 21 কিঃগ্ৰাঃ গাঞ্জা আৰু চাৰিটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত 62 গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় (Drugs Seized at Bakaliaghat in Karbi Anglong) ৷  

এই সন্দৰ্ভত আৰক্ষীয়ে নগাঁও সদৰৰ কাতিমাৰী পথাৰৰ চতৰ আলি (50), তাফাজুৰ ইছলাম (30) আৰু শিলচৰৰ বাপা দাস (29) নামৰ তিনিটা সৰবৰাহকাৰীক আটক কৰিছে ৷ অধিক তথ্যৰ বাবে বৰ্তমান সৰবৰাহকাৰী কেইটাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে (Ganja Seized at Bakaliaghat in Karbi Anglong)  ৷

লগতে পঢ়ক:Tense in Nagaon:পথ দুর্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত নগাঁৱৰ তেলিয়াগাঁও 

ABOUT THE AUTHOR

...view details