ETV Bharat / state

Tense in Nagaon:পথ দুর্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত নগাঁৱৰ তেলিয়াগাঁও

author img

By

Published : May 8, 2023, 2:14 PM IST

Dumper terror in Nagaon
ডাম্পাৰৰ খুন্দাত নিহত বাইক আৰোহী

নগাঁৱত অব্যাহত ডাম্পাৰৰ দৌৰাত্ম্য (Dumper terror in Nagaon)। ডাম্পাৰৰ খুন্দাত নিহত বাইক আৰোহী । দুর্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি নগাঁৱৰ তেলিয়াগাঁৱত । দুর্ঘটনাটো সংঘটিত কৰা ডাম্পাৰত আক্ৰমণ উত্তেজিত ৰাইজৰ ।

ডাম্পাৰৰ খুন্দাত নিহত বাইক আৰোহী

নগাঁও, ৮ মে': ডাম্পাৰৰ দৌৰাত্ম্যৰ বিৰুদ্ধে ৰাজ্যৰ পৰিবহণ বিভাগ কঠোৰ হোৱা বুলি দাবী কৰাৰ সময়তে মধ্য অসমৰ নগাঁৱত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য । জিলাখনৰ বিভিন্ন ঠাইত অত্যাধিক বোজা কঢ়িওৱাৰ উপৰি একাংশ ডাম্পাৰ চালকে তীব্ৰ বেগেৰে ৰাজপথত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি অহাৰ অভিযোগ দীর্ঘদিনীয়া । সোমবাৰে পুৱাও এখন তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত এগৰাকী বাইক আৰোহীৰ থিতাতে নিহত হয় । নগাঁও চহৰৰ তেলিয়াগাঁৱৰ ৰাজ্যিক ঘাই পথত নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগী ডাম্পাৰে সংঘটিত কৰা পথ দুর্ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Road accident in Nagaon)।

উল্লেখ্য় যে সোমবাৰে পুৱাই বাইকেৰে তেলিয়াগাঁৱৰ ৰাজ্যিক ঘাইপথেৰে গৈ আছিল আব্দুল খালেক নামৰ এগৰাকী ব্যক্তি (Tense situation at Teliagaon in Nagaon)। সেই সময়তে তীব্ৰ বেগেৰে অহা এখন ডাম্পাৰে মহতিয়াই নিয়ে আব্দুল খালেক নামৰ লোকজনক । ফলত থিতাতে নিহত হয় বাইক আৰোহী আব্দুল খালেক । তীব্ৰ বেগী ডাম্পাৰখনে এই দুৰ্ঘটনাটো সংঘটিত কৰাৰ পিছতেই তেলিয়াগাঁৱৰ ৰাজ্যিক ঘাইপথত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

দুর্ঘটনা সংঘটিত কৰাৰ লগে লগে ডাম্পাৰখনে পলায়ন কৰাৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে জব্দ কৰিবলৈ সক্ষম হয় ডাম্পাৰখন । একাংশ উত্তেজিত ৰাইজে আক্ৰমণ কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনক । পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তেলিয়াগাঁৱৰ ৰাজ্যিক ঘাইপথৰ ওপৰত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ ফলত ৰাজ্যিক ঘাইপথত বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত নগাঁও আৰক্ষীৰ যান বাহন শাখাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰুণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে, নগাঁও চহৰৰ এলফিনিষ্টন চাৰিআলি, ভূঞাপট্টিকে ধৰি চহৰখনৰ মাজেৰেই দৈনিক অত্যাধিক বোজা কঢ়িওৱা ডাম্পাৰৰ চলাচল অব্যাহত আছে । ইয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে নগাঁও যান বাহন আৰক্ষী আৰু নগাঁও জিলা পৰিবহন বিভাগৰ বিৰুদ্ধে ।

লগতে পঢ়ক:New chief secretary appointed in violence-hit Manipur : ড৹ ৰাজেশ কুমাৰ হৈছে মণিপুৰৰ নৱ নিযুক্ত মুখ্য সচিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.