ETV Bharat / bharat

New chief secretary appointed in violence-hit Manipur : ড৹ ৰাজেশ কুমাৰ হৈছে মণিপুৰৰ নৱ নিযুক্ত মুখ্য সচিব

author img

By

Published : May 8, 2023, 11:51 AM IST

মণিপুৰৰ মুখ্য সচিব দায়িত্ব অৰ্পন কৰা হৈছে ড৹ ৰাজেশ কুমাৰৰ হাতত Dr Vineet Joshi new chief secretary of Manipur)৷ কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ মন্ত্ৰালয়ৰ এক নিৰ্দেশনাত প্ৰকাশ পাইছে এই তথ্য ৷

New chief secretary appointed in violence-hit Manipur
ণিপুৰৰ মুখ্য সচিবৰ পদাধিকাৰীক সলনি

নেশ্যনেল ডেস্ক, 8 মে’ : আজিও উমি উমি জ্বলি আছে মণিপুৰৰ সেই জুইকুৰা (Violence hit Manipur) ৷ ইয়াৰ মাজতে মণিপুৰৰ মুখ্য সচিবৰ পদাধিকাৰীক সলনি কৰা হৈছে (New chief secretary appointed in violence hit Manipur)৷ মণিপুৰৰ সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ৰাজ্য চৰকাৰে দেওবাৰে নকৈ মুখ্য সচিব হিচাপে দায়িত্ব অৰ্পন কৰে ড৹ বিনীত যোশীৰ হাতত (Dr Vineet Joshi new chief secretary of Manipur)৷

ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰকাশিত এক নিৰ্দেশনাত এই তথ্য প্ৰকাশ পাইছে ৷ ড৹ ৰাজেশ কুমাৰৰ ঠাইত দায়িত্ব দিয়া হৈছে 1992 চনত উত্তীৰ্ণ মণিপুৰ কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আই এ এছ) বিষয়া যোশীক । তথ্য অনুসৰি, কেন্দ্ৰীয় প্ৰতিনিধিত্বৰ দায়িত্বত থকা যোশীয়ে শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ।

লগতে পঢ়ক : Manipur Violence: অশান্ত মণিপুৰত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ ৰাজ্যপালৰ

মণিপুৰ চৰকাৰৰ অনুৰোধত কেবিনেটৰ নিযুক্তি সমিতিয়ে যোশীক অভিভাৱক কেডাৰলৈ ঘূৰাই পঠিয়াবলৈ অনুমোদন জনোৱা হৈছে ৷ এই কথা বিগত ৬ মে’ৰ দিনা কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ মন্ত্ৰালয়ৰ এক নিৰ্দেশত প্ৰকাশ পাইছে (Personnel and Administrative Reforms (personnel division) of Manipur Govt) । উক্ত নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি, সেয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ড৹ বিনীত যোশীক মণিপুৰৰ মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে (New chief secretary of Manipur) ৷ যাক লৈ আনন্দিত হৈছে মণিপুৰৰ ৰাজ্যপালগৰাকী ।

উল্লেখ্য যে, মণিপুৰত 3 মে’ৰ দিনাখন 10 খন পাহাৰীয়া জিলাত মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (ST) মৰ্যাদাৰ দাবীৰ ‘‘জনজাতি সংহতি মাৰ্চ’’ৰ শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷ এই প্ৰতিবাদৰ পাচতেই হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয় ৷ যাৰ ফলত কমেও 54 জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছ । এই পৰ্যন্ত হিংসাত্মক অঞ্চলৰ পৰা প্ৰায় 23হাজাৰ লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

লগতে পঢ়ক : Manipur Violence update : মণিপুৰৰ হিংসাত্মক পৰিস্থিতি শান্ত কৰাত সহায় কৰিব ভাৰতীয় বায়ুসেনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.