অসম

assam

Son fulfill father's last wish: চিতাৰ সন্মুখত হাতত গীটাৰ লৈ গীত গাই পিতৃৰ শেষ ইচ্ছা পূৰণ কৰিলে পুত্ৰই

By

Published : May 28, 2023, 4:18 PM IST

পিতৃৰ চিতাৰ সন্মুখত হাতত গীটাৰ লৈ পিতৃৰ প্ৰিয় গীত পৰিৱেশন পুত্ৰৰ

নগাঁও, 28 মে’: এটা হৃদয় চুই যোৱা দৃশ্য ৷ শ্মশানত পিতৃৰ চিতা। পিতৃৰ চিতাৰ কাষত হাতত গীটাৰ লৈ পুত্ৰই গালে পিতৃৰ প্ৰিয় গীত (Son sing song for fulfill fathers last wish) । এই দৃশ্য নগাঁৱৰ পাথৰিৰ ঘূৰিয়ালগাৱঁৰ। প্ৰয়াত পিতৃ অপূৰ্ব বৰবৰাৰ পুত্ৰ অনিমেশ বৰবৰাক পিতৃৰ চিতাৰ কাষত হাতত গীটাৰ লৈ গীত গোৱাৰ এই দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে  (Son sing song in front of father cremation)৷  প্ৰয়াত পিতৃ অপূৰ্ব বৰবৰাই পুত্ৰ অনিমেশ বৰবৰাক মৃত্যুৰ পূৰ্বে তেওঁৰ অন্তি ইচ্ছাৰ কথা জনাইছিল ৷ পিতৃ অপূৰ্ব বৰবৰাৰ এগৰাকী শিল্পী হিচাপে চাবলৈ মন আছিল অনিমেশক ৷ প্ৰবীন কণ্ঠশিল্পী অৰুণ দাস অপূৰ্ব বৰবৰাৰ প্ৰিয় শিল্পী আছিল ৷ 

সেইবাবে তেওঁৰ মৃত্যুৰ পিচতো তেওঁৰ চিতাৰ কাষত হাতত গীটাৰ লৈ অৰুণ দাসৰ 'তুমি জানো জানা সোণ' গীতটি পুত্ৰক পৰিৱেশন কৰিবলৈ কৈ গৈছিল অপূৰ্ব বৰবৰাই (Son tribute father favorite song) ৷  সেই অনুসৰিয়েই পিতৃৰ অন্তিম ইচ্ছা পূৰণ কৰি অনিমেষে গীত পৰিৱেশন কৰি উচুপি উঠিল পিতৃৰ চিতাৰ সন্মুখত ৷  

উল্লেখ্য যে, কিছুদিন পূৰ্বে অপূৰ্ব বৰবৰা দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । পৰিয়ালৰ লোকে অপূৰ্ব বৰবৰাক প্ৰথমে নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰাইছিল আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰাইছিল। কিন্তু শনিবাৰে গুৱাহাটী মেডিকেল কলেজতে শেষ নিশ্বাস ত্যাগ কৰে অপূৰ্ব বৰবৰাই।  

গুৱাহাটী মেডিকেল কলেজত পৰলোকপ্ৰাপ্তি ঘটা অপূৰ্ব বৰবৰাৰ নশ্বৰ দেহ শনিবাৰে শেষকৃত্য সম্পন্ন কৰিবলৈ নিজ ঘৰলৈ লৈ অহা হয় ৷ শ্মশানত পিতৃৰ অন্তিম ইচ্ছা পূৰণ কৰি পুত্ৰ অনিমেশ বৰবৰাই গালে 'তুমি জানো জানা সোণ"। 

লগতে পঢ়ক:Social Harassment: সুলভ মূল্যত ঔষধ বিক্ৰী কৰাৰ বাবেই হ’ল এঘৰীয়া

ABOUT THE AUTHOR

...view details