অসম

assam

Assam Govt Job: হাজাৰ হাজাৰ নিবনুৱাই নিযুক্তি লাভ কৰা পাচতে ডিব্ৰুগড়ত হিয়াভগা কান্দোন দুটা পৰিয়ালৰ

By

Published : Jun 2, 2023, 2:28 PM IST

দুৰ্ভগীয়া কৰ্মচাৰীৰ পৰিয়াল

ডিব্ৰুগড়, ২ জুন :ডিব্ৰুগড়ৰ এখন চৰকাৰী বিদ্যালয়ত দুটা পৰিয়ালৰ হিয়াভগা কান্দোন । কাৰণ ২০০৭ চনৰ পৰা বৰ্তমানলৈকে বকুল মধ্য আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত চকিদাৰ পদত বিনা বেতনেৰে অস্থায়ী ভিত্তিত কাম কৰা অৰুণ কোঁচ আৰু নৱজ্যোতি বৰুৱাৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা । চাকৰি স্থায়ীকৰণ হোৱাৰ আশাতে দুয়োজন কৰ্মচাৰীয়ে বিদ্যালয়ত পাৰ কৰিলে ১৫ টা বছৰ (Assam govt recruitment 3rd and 4th grade)। কিন্তু চৰকাৰে শেহতীয়াকৈ চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা পিচতেই এতিয়া অৰুণ আৰু নৱজ্যোতিৰ দৰে অবৈতনিক কৰ্মচাৰীৰ পৰিয়াললৈ নামি আহিছে অশনি সংকেত ।

নতুন নিযুক্তিয়ে এফালে হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিলেও এইসকলৰ দৰে দুৰ্ভগীয়া কৰ্মচাৰীৰ এতিয়া হাজাৰটা সমস্যায়ে তেওঁলোকৰ জীৱন দুৰ্বিসহ কৰি তুলিছে (Job not regularized even after many years)। প্ৰশ্ন আহিছে, তেওঁলোকৰ বিনা বেতনেৰে কাম কৰা সেৱাক চৰকাৰে মূল্য দিবনে ? যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক তেওঁলোকৰ এনে সমস্যাৰ পৰা উদ্ধাৰ কৰি উক্ত পদতেই চাকৰিত নিযুক্তি প্ৰদান কৰিবলৈ পৰিয়াল দুটিয়ে কাতৰ আহ্বান জনাইছে ।

ABOUT THE AUTHOR

...view details