অসম

assam

Road Accident: ট্ৰাকৰ চকাৰ তলত সোমাল বাইক আৰোহী

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 3:18 PM IST

ট্ৰাকৰ চকাত সোমাল বাইক আৰোহী

গোলাঘাট, 2 নৱেম্বৰ : গোলাঘাট জিলাৰ মৰঙীৰ ফলঙনীত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে । চিমেণ্ট ভৰ্তি ট্ৰাকৰ চকাৰ তলত সোমাল এজন বাইক আৰোহী। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত বাইক আৰোহীজনক সংকটজনক অৱস্থাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS-05C-5857 বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে মইৰং চাহ ফেক্টৰীৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয় । অৱশ্যে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোকজন ফলঙনীৰ উমেশ দত্ত বুলি জানিব পৰা গৈছে। উমেশ দত্ত পেছাত এজন শিক্ষক ৷ তেওঁ প্ৰতিদিনৰ দৰে বৃহস্পতিবাৰেও বিদ্যালয় অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। বৰ্তমান ঘটনাস্থলীত বগীজান আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ABOUT THE AUTHOR

...view details