অসম

assam

Road Accident: বিহু চাই ঘৰলৈ আহি থকাৰ পথত জনপ্ৰিয় শব্দযন্ত্ৰী পৰিচালক প্ৰসেনজিতৰ মৃত্যু

By

Published : May 14, 2023, 10:26 PM IST

জনপ্ৰিয় শব্দযন্ত্ৰী পৰিচালক প্ৰসেনজিতৰ মৃত্যু

ধুবুৰী, 14 মে’: ধুবুৰীত পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷ দেওবাৰে পুৱা ধুবুৰীত বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই এজন যুৱক থিতাতে নিহত হয় (Road Accident in Dhubri) ৷ উল্লেখ্য যে, ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত শংকৰদেৱ সংঘৰ উদ্যোগত পালিত বহাগী উৎসৱৰ সংগীতানুষ্ঠানত শব্দযন্ত্ৰী পৰিচালনাৰ দায়িত্বত থকা জনপ্ৰিয় শব্দযন্ত্ৰী পৰিচালক প্ৰসেনজিৎ সাহা ওৰফে বাপন সাহাৰ মৃত্যু হয় ৷ পুৱা প্ৰায় 5 মান বজাত সাহাই ধুবুৰীৰ পৰা এ এছ ১৭ ডি ৬০৭৩ নম্বৰৰ হুণ্ডাই ইয়’ন বাহনখন লৈ গৌৰীপুৰৰ নিজ বাসগৃহলৈ যাত্ৰা কৰে। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস (One died in road accident)।  

ধুবুৰী গৌৰীপুৰৰ মাজবাটতেই জি টি বি পথৰ মদৰ গোলা অঞ্চলত সাহাৰ বাহনখন হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এজোপা গছত প্ৰচণ্ড বেগেৰে খুন্দা মাৰে ৷ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰসেনজিৎ সাহা । পিচত যান বাহন আৰক্ষী আৰু একাংশ ৰাইজে সাহাক উদ্ধাৰ কৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ নিয়াৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে।  

উল্লেখ্য যে, নিশা দুই বজালৈকে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিনোদ ৰাথোৰৰ সংগীতানুষ্ঠানৰ শব্দযন্ত্ৰী পৰিচালনা কৰা প্ৰসেনজিত সাহাৰ এইটোৱেই আছিল অন্তিমটো সংগীতানুষ্ঠান। প্ৰসেনজিতৰ অকাল মৃত্যুৰ পিচতেই শোকস্তব্ধ হৈ পৰে ধুবুৰীবাসী ৷

লগতে পঢ়ক:Manipur crisis : মণিপুৰৰ পৰা উদ্ধাৰ ৪৫ গৰাকী দৃষ্টিহীন শিক্ষাৰ্থীক

ABOUT THE AUTHOR

...view details