অসম

assam

Road accident at Kaliabor: কলিয়াবৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

By

Published : Jul 23, 2022, 8:35 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

কলিয়াবৰৰ গোমোঠা গাঁৱৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়(Road Accident at Kaliabor) । নিহত লোকজন নৱজ্যোতি বৈশ্য ওৰফে জিতুমণি বৈশ্য বুলি জানিব পৰা হৈছে ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ট্ৰাক এখনে এজন চাইকল আৰোহীক বচাবলৈ গৈ বিপৰীত দিশৰ পৰা আহি থকা জিতুৱে চলাই যোৱা মটৰ চাইকেলখনত সন্মুখৰ তৰফৰ পৰা খুন্দা মাৰে ৷ এই মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় নৱজ্যোতি বৈশ্য ওৰফে জিতুমণি বৈশ্য(One Dead in a Road Accident) ৷ জিতুমণি বৈশ্য কলিয়াবৰ বৈদ্যুতিক সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী আছিল ।
Last Updated :Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details