অসম

assam

Ajmal react on Union Budget: কেন্দ্ৰীয় বাজেটক লৈ সদনত সৰৱ সাংসদ বদৰুদ্দিন আজমল

By

Published : Feb 10, 2023, 9:01 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

কেন্দ্ৰীয় বাজেট 2023 সন্দৰ্ভত বদৰুদ্দিন আজমলৰ ভাষণ

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা ২০২৩-২৪ বৰ্ষৰ বাজেটক লৈ বৃহস্পতিবাৰে সংসদত সৰৱ হৈ পৰে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল (Badruddin Ajmal slammed Union Budget)।

বৃহস্পতিবাৰে সংসদত বাজেট বিতৰ্কত অংশ গ্ৰহণ কৰি সাংসদ আজমলে (General Discussion on Union Budget 2023) কেইবাটাও বিষয়ত বিশেষকৈ সংখ্যালঘুক চৰকাৰে বাজেটত উপেক্ষা কৰাৰ বিষয়টো উত্থাপন কৰি সৰৱ হৈ পৰে (AIUDF chief Badruddin Ajmal on Union Budget) ।

সাংসদ গৰাকীয়ে কয় যে বাজেটত ভাল কথা থাকিলে প্ৰশংসা কৰাৰ লগতে বেয়া থাকিলে সমালোচনাও কৰিম । বাজেটত সংখ্যালঘুক উপেক্ষা কৰাৰ অভিযোগ কৰি তেওঁ কয় যে সংখ্যালঘু এই দেশৰ অংশ আৰু দেশৰ স্বাধীনতাত সংখ্যালঘুৰ অনবদ্য অৱদান আছে আৰু সেইটো নুই কৰিব নোৱাৰিম ।

শৰীৰৰ আধা অংশক বেমাৰী কৰি বিকল কৰি পেলালে চলিব নোৱাৰি বুলি সদৰি কৰি সাংসদগৰাকীয়ে কয় যে বাজেটত সংখ্যালঘুসকলৰ ক্ষেত্ৰত অন্যায় কৰা হৈছে । বাজেটত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাল ভাল আঁচনি অনা হৈছে । এতিয়া ২৫ বছৰৰ বাবে বাজেট অনা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে এবছৰৰ বাজেট আনক আৰু এবছৰতে সম্পূৰ্ণ কৰক ।

ডনাৰৰ পুঁজি বৃদ্ধি কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে বাজেটত মূল্যবৃদ্ধিৰ প্ৰসংগত কোনো কথা উল্লেখ কৰা নহ’ল । মূল্যবৃদ্ধিৰ সমস্যাই দেশৰ জনগণক জুৰুলা কৰি পেলাইছে । আনহাতে নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও এই ক্ষেত্ৰত বাজেটত কোনো উল্লেখ নাই ।

তেওঁ লগতে কয় যে সংখ্যালঘুৰ বাবে ধাৰ্য কৰা পুঁজি প্ৰায় নোহোৱা কৰি পেলোৱা হ’ল । মুছলমানেই কেৱল সংখ্যালঘু নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে বাকীসকলক ন্যায় প্ৰদান কৰক । প্ৰসংগ ক্ৰমে তেওঁ অসমৰ ভয়াৱহ বান-খহনীয়াৰ বিষয়ে উল্লেখ কৰে (Ajmal slammed Union Budget in Parliament)  ।

লগতে পঢ়ক:Ripun on Union Budget : উত্তৰ-পূৱক মাহী আইৰ দৃষ্টি দিল্লীৰ: ৰিপুন বৰা

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details