ETV Bharat / state

Ripun on Union Budget : উত্তৰ-পূৱক মাহী আইৰ দৃষ্টি দিল্লীৰ: ৰিপুন বৰা

author img

By

Published : Feb 2, 2023, 6:32 PM IST

কেন্দ্রীয় বিত্ত মন্ত্রী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্রীয় বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ (Ripun on Union Budget 2023)। বাজেটত কেন্দ্ৰীয় চৰকাৰৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি পুনৰ মাহী আইৰ দৃষ্টি প্ৰতিফলিত হৈছে বুলি তেওঁ অভিযোগ কৰে । তেওঁৰ মতে এই বাজেট কেৱল নিৰ্বাচনকেন্দ্ৰিক ।

Ripun on Union Budget
কেন্দ্রীয় বাজেটক লৈ প্ৰতিক্ৰিয়া ৰিপুন বৰাৰ

কেন্দ্রীয় বাজেটক লৈ প্ৰতিক্ৰিয়া ৰিপুন বৰাৰ

গুৱাহাটী,২ ফেব্ৰুৱাৰী : কেন্দ্রীয় বিত্ত মন্ত্রী নিৰ্মলা সীতাৰমণে বুধবাৰে সংসদত দাখিল কৰা কেন্দ্রীয় বাজেটখনক ৰাহু আৰু শনিকালৰ বাজেট বুলি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অভিহিত কৰিছে (Union Budget 2023)। অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত সংবামেলত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে বাজেটত সাধাৰণ ৰাইজৰ বাবে অমৃতৰ পৰিৱৰ্তে হতাশা আৰু প্ৰৱঞ্চনাৰ বাহিৰে একো নাই ।

২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত তেওঁ কয় যে ২০২৪ চনৰ লোকসভা নির্বাচনক কেন্দ্ৰ কৰি দেশৰ এচাম মধ্যবিত্ত আৰু পুঁজিপতিলোকক সন্তোষিত কৰাৰ বাহিৰে এই বাজেটত সৰ্বসাধাৰণ ৰাইজৰ কল্যাণৰ বাবে আৰু দেশৰ সামগ্ৰিক বিকাশৰ বাবে আশা ব্যঞ্জক একো নাই (Ripun Bora reacts over union budget)।

তেওঁ প্ৰকাশ কৰে যে বাজেটত আয়ৰ শিতানত আয়কৰ উৎসৰ পৰা ১৫ শতাংশ, আবকাৰী শুল্কৰ পৰা ৭ শতাংশ, GSTৰ পৰা ১৭ শতাংশ, Corporate Taxৰ পৰা ১৫ শতাংশ আয় কৰাৰ বিপৰীতে ঋণৰ যোগেদি ৩৪ শতাংশ আহৰণ কৰিবলৈ লক্ষ্য লৈছে । ইমান বৃহৎ পৰিমাণৰ ঋণৰ বোজা দেশে বহন কৰিব লাগিব যাৰ ফলত দেশ ঋণত দেউলীয়া হোৱাৰ দিশে গতি কৰিব ৷

তেওঁ কয় যে ২০২৪ৰ লোকসভা নির্বাচনলৈ (Upcoming election 2024) লক্ষ্য ৰাখি মধ্যবিত্ত লোকসকলক আয়কৰৰ বেলিকা বছৰি ৭ লাখ টকা পর্যন্ত উপাৰ্জনকাৰীসকলক কিছু সকাহ দিছে যদিও বছৰি ৫ কোটি বা তাতকৈ অধিক উপার্জনকাৰীসকলৰ Surcharge ৩৭ শতাংশৰ পৰা ২৫ শতাংশলৈ হ্ৰাস কৰি পুঁজিপতিসকলকহে অধিক সকাহ দিছে । ২০২২-২৩ৰ বাজেটত Corporate Taxৰ পৰা বাজেটত ধাৰ্য কৰা মুঠ টকাৰ ১৯.৫৫ শতাংশ উপার্জন হৈছিল ।

কিন্তু ২০২৩-২৪ৰ বাজেটত Corporate Taxৰ পৰা উপার্জন ১৫ শতাংশলৈ হ্ৰাস কৰিলে । ইয়াৰ যোগেদিও এই বাজেটত Corporate গোষ্ঠীক সাংঘাতিক ধৰণে সকাহ দিছে । অর্থাৎ এই বাজেটত অমৃত কেৱল পুঁজিপতিসকলৰ বাবেহে আছে ৷ দৰিদ্ৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে অমৃতৰ পৰিৱৰ্তে বিহ আছে বুলি ৰিপুন বৰাই অভিযোগ কৰে ।

সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয় যে বাজেটত কেন্দ্ৰীয় চৰকাৰৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি পুনৰ মাহী আইৰ দৃষ্টি প্ৰতিফলিত হৈছে । তেওঁ কয় যে বাজেটত বিত্ত মন্ত্রীয়ে লাডাখ, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি গৌৰৱেৰে উল্লেখ কৰিছে । ২০২২-২৩ বিত্তীয় বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ Infrastructure Development Schemeৰ বাবে ১,৪১৯ কোটি টকা ধাৰ্য কৰাৰ বিপৰীতে ২০২৩-২৪ৰ বাবে ২,৪৯১ কোটি টকা ৷ এইয়া কণা হাঁহক পতন ধান দিয়াৰ নিচিনা ।

কিয়নো উত্তৰ পূৰ্বাঞ্চলৰ ৪ খন ৰাজ্যৰ মাজত ২,৪৯১ কোটি টকাৰ প্ৰতি ৰাজ্যই গড়ে ৩০২ কোটি টকাকৈ পাব । ৩০২ কোটি টকাৰে এখন ৰাজ্যৰ কি আন্তঃগাঁথনি উন্নয়ন হ'ব । বর্তমান গুৱাহাটীত নিৰ্মাণ কৰি থকা Flyover একোখনৰ মূল্য ২৫০ কোটি টকা পর্যন্ত । কেৱল ইমানেই নহয় বিজেপি চৰকাৰৰ বিগত ৯ বছৰীয়া শাসন কালত প্ৰতিখন বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে যিমান পুঁজি ধার্য কৰিছিল তাৰ ৫০ হাজাৰ কোটি টকা আজি পর্যন্ত মুকলি কৰি দিয়া নাই ।

গতিকে এইবাৰ ধাৰ্য কৰা ২,৪৯১ কোটিৰ কিমান মুকলি কৰিব সেয়া সময়তহে ক'ব পৰা যাব বুলি উল্লেখ কৰে ৰিপুন বৰাই । সেয়েহে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট এক নিৰাশ আৰু হতাশাৰ বাজেট, দেশৰ বিকাশৰ স্বাৰ্থত এই বাজেট নহয় । কেৱল ২০২৪ চনৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ এই বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি ৰিপুন বৰাই অভিযোগ কৰে ।

লগতে পঢ়ক :Union Budget reaction: কেন্দ্ৰীয় বাজেটক ৰাহু, শনি আৰু কেতুকালৰ বাজেট আখ্যা ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.