অসম

assam

Sherman Ali : জলসম্পদ বিভাগৰ অভিযন্তাক ধমক বিধায়ক শ্বেৰমান আলী আহমেদৰ

By

Published : Jul 2, 2023, 9:11 PM IST

জলসম্পদ বিভাগৰ অভিযন্তাক ধমক বিধায়ক শ্বেৰমান আলী আহমেদৰ

জনীয়া, ২ জুলাই:কলগাছিয়াৰ মইনবৰীত জলসম্পদ বিভাগৰ অভিযন্তাক ধমক বিধায়ক শ্বেৰমান আলী আহমেদৰ । দেওবাৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম মইনবৰি আৰু তাৰাকান্দি অঞ্চলত হৈ থকা বেকী নদীৰ তীব্ৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে । উক্ত পৰিদৰ্শনকালত বিধায়কৰ লগত উপস্থিত থাকে বৰপেটা জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যকৰী অভিযন্তাৰ লগতে বিভাগীয় বিষয়া-অভিযন্তা ।  

পৰিদৰ্শনকালত বিধায়ক শ্বেৰমান আলী আহমেদে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক ফোনযোগে গৰখহনীয়াত ক্ষতিগ্ৰস্থ হোৱা অঞ্চলৰ বিষয়ে অৱগত কৰায় । লগতে খহনীয়া প্ৰতিৰোধত ব্যৰ্থ হোৱাত কাৰ্যকৰী অভিযন্তাক ধমক দিয়াৰ লগতে জগৰীয়া কৰে বিধায়কগৰাকীয়ে । পিছমুহূৰ্ত্বত মুখ্য অভিযন্তাগৰাকীয়ে কাৰ্যকৰী অভিযন্তাক আজিয়েই পৰ্যাপ্ত পৰ্কুপাইন আনি কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । 

ABOUT THE AUTHOR

...view details