অসম

assam

Sec 144 imposed in Guwahati: আৰক্ষী, সেনাৰ ভয় দেখুৱাই ৰাইজৰ বাক স্বাধীনতা চৰকাৰে খৰ্ব কৰিছে চৰকাৰে; অখিল গগৈ

By

Published : May 21, 2023, 5:04 PM IST

Sec 144 imposed in Guwahati

গুৱাহাটী, 21 মে’:হঠাৎ গুৱাহাটীত 144 ধাৰা জাৰি কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ শান্তি-শৃংখলা বিঘ্নিত হ’ব পৰা সাম্ভাব্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গুৱাহাটী আৰক্ষীৰ তিনি জিলাত 144 ধাৰা জাৰি কৰাৰ কথা এক নিৰ্দেশনাযোগে সদৰী কৰিছে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi) প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাজ্যত এতিয়া হিটলাৰি শাসন চলিছে ৷ আৰক্ষী, সেনাৰ ভয় দেখুৱাই ৰাইজৰ বাক স্বাধীনতা চৰকাৰে খৰ্ব কৰিব বিচাৰিছে বুলিও অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই অভিযোগ উত্থাপন কৰি কয় যে গুৱাহাটী আৰক্ষীৰ তিনিখন জিলাত হঠাৎ 144 ধাৰা জাৰি কৰি 25 মে’ত অসমলৈ আহিব লগীয়া গৃহমন্ত্ৰী অমিত শ্বাহৰ সমুখত মুখ্যমন্ত্ৰীয়ে তথাকথিত শান্তিৰ অসম দেখুৱাব বিচাৰিছে ৷ গুৱাহাটীত কোনো অস্বাভাৱিক পৰিস্থিতি বাহাল নথকাৰ পাচতো 144 ধাৰা জাৰি কৰি চৰকাৰে ফেচিষ্ট স্বৰূপ প্ৰদৰ্শ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে বিদ্যুৎ শইকীয়াই ৷

লগতে পঢ়ক:Sec 144 imposed in Ghy: গুৱাহাটীত 144 ধাৰা জাৰি; 5 জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা

ABOUT THE AUTHOR

...view details