Sec 144 imposed in Ghy: গুৱাহাটীত 144 ধাৰা জাৰি; 5 জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা

author img

By

Published : May 21, 2023, 3:19 PM IST

Updated : May 21, 2023, 4:35 PM IST

Sec 144 imposed in Ghy

গুৱাহাটী মহানগৰীত হঠাৎ জাৰি কৰা হৈছে 144 ধাৰা (144 in Guwahati) ৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে এই সন্দৰ্ভত জাৰি কৰিছে এক জাননী ৷ সিদ্ধান্তক লৈ সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

গুৱাহাটীত 144 ধাৰা জাৰি কৰাক লৈ দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 21 মে: গুৱাহাটী মহানগৰীত জাৰি কৰা হৈছে 144 ধাৰা ৷ গুৱাহাটী আৰক্ষীৰ অধীনৰ তিনি জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা ৷ গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এক নিৰ্দেশনাযোগে সদৰী কৰা হৈছে এই কথা ৷

নিৰ্দেশনাটোত কোৱা হৈছে যে, কোনো নিৰ্দিষ্ট লোক, ব্যক্তি বা সংগঠনে স্বাভাৱিক কাৰ্যকলাপত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে ৷ লগতে আৰক্ষী আয়ুক্তালয়ৰ অন্তৰ্গত এলেকাত কোনো সংগঠনে আন্দোলন বা প্ৰতিবাদী শ্লোগান দিয়াৰ সম্ভাৱনা আছে ৷ এনে কাৰ্যই গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অন্তৰ্গত যিকোনো অংশত শান্তি আৰু ৰাজহুৱা শৃংখলা ভংগ কৰিব পাৰে আৰু ইয়াৰ ফলত যান-বাহনৰ শান্তিপূৰ্ণ চলাচল আৰু লগতে স্বাভাৱিক কাৰ্যকলাপত ব্যাঘাত ঘটিব পাৰে ৷ ইয়াৰ প্ৰতি আশংকা ৰাখি শান্তি-শৃংখলা বজাই ৰাখিবৰ বাবে সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাবে গুৱাহাটী আৰক্ষীৰ তিনি জিলাত 144 ধাৰা জাৰি কৰা হৈছে (Sec 144 imposed in Guwahati) ৷

গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত ইমদাদ আলীৰ স্বাক্ষৰ সম্বলিত নিৰ্দেশনাটোত লগতে কোৱা হৈছে যে গুৱাহাটী আৰক্ষী আয়ুক্তৰ অধীনৰ এলেকাত 5 জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব (Gathering of five people prohibited in Ghy) ৷ লগতে কাৰ্যালয়, ৰাজপথত আদিত শ্নোগান, প্ৰতিবাদী কাৰ্যসূচী অথবা বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰিব নোৱাৰিব ৷ এই জাননী সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷

কিন্তু কিহৰ বাবে আৰক্ষীয়ে হঠাৎ এই সিদ্ধান্ত গ্ৰহণ কৰিলে তাকে লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীক 144 ধাৰা উঠাই ল’বলৈ দাবী জনাইছে ৷ তেওঁ লগতে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে অসমত এতিয়া ৰাইজে আন্দোলন নকৰে বুলি প্ৰকাশ কৰিছে ৷ তেন্তে প্ৰতিবাদ হ’ব বুলি চৰকাৰে কিয় ভয় খাইছে ? নে চৰকাৰত বিজেপি বিৰোধী শক্তি সোমাই আছে, যি মুখ্যমন্ত্ৰীক অপদস্থ কৰিবলৈ এনে এটা নিৰ্দেশনা চৰকাৰীভাৱে জাৰি কৰি মুখ্যমন্ত্ৰীক শলঠেকত পেলাব বিচাৰিছে ৷’’

কিয় এই নিৰ্দেশনা জাৰি কৰা হৈছে সেই কথা নিৰ্দেশনাত স্পষ্টভাৱে প্ৰকাশ কৰা হোৱা নাই যদিও স্বাভাৱিকতে এই সিদ্ধান্তই সাধাৰণ ৰাইজৰ মনতো বহু প্ৰশ্নৰ উদ্বেগ ঘটাইছে ৷

লগতে পঢ়ক: Reshuffle in Assam police: অসম আৰক্ষীৰ ৮৩ উপ-পৰিদৰ্শকক বদলি

Last Updated :May 21, 2023, 4:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.