অসম

assam

Miscreants cut down many trees: দুৰ্বৃত্তই কাটি নিলে বড়িপাৰা আঞ্চলিক শ্মশানৰ বহু সংখ্যক গছ, প্ৰতিক্ৰিয়া অব্যাহত

By

Published : Mar 31, 2023, 2:06 PM IST

৩০ ডাল গছ দুৰ্বৃত্তই কাটি লৈ যায়

বঙাইগাঁও, 31 মাৰ্চ :বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা বড়িপাৰা আঞ্চলিক শ্মশানৰ ভূমিত থকা বিভিন্ন প্ৰজাতিৰ বহুকেইডাল গছ ৰাতিৰ ভিতৰতে কাটি নিলে দুৰ্বৃত্তই । গাঁৱখনৰ কেইজনমান যুৱকে ঘটনাটো লক্ষ্য কৰি লগে লগে খবৰ দিয়ে গাঁওবাসীক ৷ প্ৰায় 30 জোপা গছ দুৰ্বৃত্তই কাটি নিয়া বুলি অৱগত হোৱাৰ পাছতে চাৰিওফালে লাগিল হুৱাদুৱা (Trees cut down by miscreants in Bongaigaon)। 

ইয়াৰ পাছতে ঘটনাস্থলীত মাণিকপুৰ বন উপখণ্ডৰ সংমণ্ডলৰ বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে । গাঁওবাসীয়ে শীঘ্ৰেই দোষীক চিনাক্ত কৰাৰ লগতে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে । উল্লেখ্য যে বৰিপাৰা, ঝাকুৱাপাৰা, দাস পাৰা, চৌতাৰা, সাত গাঁৱৰ লগতে এক বৃহৎ অঞ্চলৰ মৃতদেহ এই শ্মশানত সৎকাৰ কৰা হয় (Manikpur Police Station) । 

শ্মশানখনৰ অধীনত প্ৰায় ৪০০ বিঘা মাটি আছে যদিও চাৰিওপিনৰ পৰা বেদখলৰে ভৰি পৰিছে বুলি কয় স্থানীয় ৰাইজে । স্থানীয় ৰাইজৰ দাবী এই মাটি শীঘ্ৰেই বেদখল মুক্ত কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীক শ্মশানখন বেদখল মুক্ত কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :Mission against polythene: পলিথিনৰ বিৰোধিতাৰে ৰাজপথত নাৰী সমাজ

ABOUT THE AUTHOR

...view details