অসম

assam

ৰাইজৰ কাষলৈ যোৱা ৰাইজৰ দলত ৰাইজ দেখা নাই মন্ত্ৰী পীযুষ হাজৰীকাই

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 8:27 PM IST

public relation rally by Raijor Dal

ডিব্ৰুগড়, 21 নৱেম্বৰ: শিৱসাগৰৰ পৰা ৰাইজৰ দলে আৰম্ভ  কৰিছে ‘‘ৰাইজৰ মাজলৈ ৰাইজৰ দল কাৰ্যসূচী ।’’ সোমবাৰৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, ৰাছেল হুছেইন, ধৈৰ্য্য কোঁৱৰ, ভাস্কো ডি শইকীয়া আদিক চাইকেল লৈ ৰাইজৰ কাষলৈ যোৱা দেখা গৈছে ৷ কিন্তু ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ নেতৃত্বত আৰম্ভ হোৱা এই কাৰ্যসূচীক লৈ শাসকীয় দলৰ নেতা-কৰ্মীয়ে বিভিন্ন ধৰণৰে সমালোচনা কৰিছে ।

ইয়াৰ মাজতে মঙলবাৰে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰীকাই অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে আৰম্ভ কৰা ‘‘ৰাইজৰ মাজলৈ ৰাইজৰ দল’’ কাৰ্যসূচীক লৈ সমালোচনা কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজৰ দল ৰাইজৰ মাজলৈ গৈছে কিন্তু লগত ৰাইজ নাই । অখিল গগৈয়ে পাঁচ-ছয়খন চাইকেল লগত লৈ এই কাৰ্যসূচী কৰি আছে । অখিল গগৈয়ে পাঁচ ছয়খন চাইকেল লৈ এই কাৰ্যসূচী কৰাত ভাল দেখা নাই । অখিল গগৈৰ দৰে নেতা এগৰাকীৰ সমদলত কমেও পাঁচ শ বা এহেজাৰ মানুহ থাকিব লাগিছিল বুলি কয়  মন্ত্ৰী হাজৰীকাই ৷

লগতে পঢ়ক:কংগ্ৰেছে কেৱল সংখ্যালঘু অধ্যুষিত এটা লোকসভা সমষ্টিত জয়লাভ কৰিব : পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details