কংগ্ৰেছে কেৱল সংখ্যালঘু অধ্যুষিত এটা লোকসভা সমষ্টিত জয়লাভ কৰিব : পীযুষ হাজৰীকা
Published: Nov 21, 2023, 3:59 PM
ডিব্ৰুগড়, 21 নৱেম্বৰ : এটা দিনৰ পূৰ্বে চৰাইদেউ জিলাৰ সোণাৰিলৈ আহিছিল সাংসদ গৌৰৱ গগৈ । সোণাৰিত সাংবাদিকৰ সৈতে মুখামুখি হৈ বিজেপি দল আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল সাংসদ গৌৰৱ গগৈয়ে । ইয়াৰ পাচতে আজি অৰ্থাৎ মঙলবাৰে সোণাৰিত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰীকাই সাংসদ গৌৰৱ গগৈক সমালোচনা প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় ।
সাংসদ গৌৰৱ গগৈৰ সমালোচনাৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰীকাই কয়, ‘‘কংগ্ৰেছ চৰকাৰৰ দিনত লাখ লাখ টকা নহ'লে চাকৰি নাপাইছিল ৷ এতিয়া বিজেপিৰ দিনত দুখীয়া ঘৰৰ ল’ৰাই চাকৰি পাইছে । বিজেপি চৰকাৰে দুখীয়া ৰাইজৰ বাবে কাম কৰিছে’’ ।
লগতে মন্ত্ৰীগৰাকীয়ে কয়, ‘‘কংগ্ৰেছ দল এতিয়া প্ৰতিটো নিবাৰ্চনত বিধ্বস্ত হৈছে । অহা লোকসভা নিৰ্বাচনতো কংগ্ৰেছ দল বিধ্বস্ত হ'ব । খুব বেছি কংগ্ৰেছে দলে কেৱল সংখ্যালঘু অধ্যুষিত এটা লোকসভা সমষ্টিত জয় লাভ কৰিব’’ ।
লগতে পঢ়ক : দলে য’তেই দিয়ে তাতেই নিৰ্বাচন খেলিবলৈ সাজু গৌৰৱ গগৈ