অসম

assam

Moina parijat : মইনা পাৰিজাতৰ পঞ্চদশ ৰাজ্যিক সাধাৰণ পৰিষদৰ সভাত মন্ত্ৰী কেশৱ মহন্ত

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 2:31 PM IST

মইনা পাৰিজাতৰ পঞ্চদশ ৰাজ্যিক সাধাৰণ পৰিষদৰ সভাত মন্ত্ৰী কেশৱ মহন্ত

বিহপুৰীয়া, 8 অক্টোবৰ :সদৌ অসম মইনা পাৰিজাতৰ পঞ্চদশ ৰাজ্যিক সাধাৰণ পৰিষদৰ সভাত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত৷ অনুষ্ঠানটোত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কয়, "মই জীৱনত যি শিকিছো সেয়া মইনা পাৰিজাত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পৰা শিকিছো । মইনা পাৰিজাত আৰু ছাত্ৰ সন্থা মোৰ জীৱন গঢ়াৰ বুনিয়াদ ।" মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত অনুষ্ঠিত হৈছে সদৌ অসম মইনা পাৰিজাতৰ পঞ্চদশ ৰাজ্যিক সাধাৰণ পৰিষদৰ সভা । 

সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতে সদৌ অসম মইনা পাৰিজাতৰ উপ সভাপতি সুৰেন্দ্ৰ নাথ গগৈৰ সভাপতিত্বত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে আশীষ বাণী প্ৰদান কৰে । সদৌ অসম মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক ৰাতুল বৰাই আঁত ধৰা অনুষ্ঠানটিতে শ্ৰীশ্ৰী শিয়ালমৰা সত্ৰৰ ডেকা সত্ৰাধিকাৰ অৰুণ কুমাৰ গোস্বামীয়ে আদৰণি সমিতিয়ে প্ৰকাশ কৰি উলিওৱা "মইনা কানন" শীৰ্ষক স্মৰণিকাখন উন্মোচন কৰাৰ লগতে সদৌ অসম মইনা পাৰিজাতৰ মুখপত্ৰ "পাৰিজাত সংবাদ"ৰ প্ৰস্তাৱনা সংখ্যাটি উন্মোচন কৰে মন্ত্ৰী কেশৱ মহন্তই । 

মইনা পাৰিজাতক আগুৱাই নিয়াৰ বাবে সকলোখিনি কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।

লগতে পঢ়ক:Minister ashok singhal in Tezpur : নামনি সোৱণশিৰি বান্ধ সন্দৰ্ভত জ্ঞাত নহয় মন্ত্ৰী অশোক সিংহল

ABOUT THE AUTHOR

...view details