অসম

assam

তিনিজন মানুহেৰে দল খুলি অজিত ভূঞাই ৱৰ্ল্ড ৰেকৰ্ড কৰিছে: অতুল বৰা

By

Published : Sep 8, 2022, 2:19 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

"দল খুলিব খুজিছে অলপমান মানুহ গোটাই লওক ৷ কিন্তু তিনিজন ব্যক্তি, এখন বেনাৰ, এইটো ৱৰ্ল্ড ৰেকৰ্ড কৰিছে অজিত ভূঞাই ৷ তেতিয়াৰ পৰা অজিত ভূঞাই কি কৰা নাছিল আৰু ভৱিষ্যতে কি নকৰিব?" সদ্যোজাত আঞ্চলিকতাবাদী দল জাতীয় দল, অসমৰ সভাপতি অজিত কুমাৰ ভূঞাক কটাক্ষ কৃষি মন্ত্ৰী অতুল বৰাৰ ৷ বোকাখাটত উপস্থিত হৈ অজিত ভূঞাৰ আক্ৰমনৰ প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰীগৰাকীয়ে (Minister Atul Bora slams Ajit Bhuyan)৷ অসমৰ ৰাজনৈতিক প্রেক্ষাপটত আঞ্চলিকতাবাদী দৃষ্টিভংগীৰে কাম কৰি অহা দুটা আঞ্চলিক ৰাজনৈতিক দল ক্ৰমে আঞ্চলিক গণ মৰ্চা আৰু ২০১৫ চনতে গঠিত অসম সংগ্রামী মঞ্চ বুধবাৰে আনুষ্ঠানিকভাৱে একত্ৰিত হয় । ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত আপোচবিহীন আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাসী ৰাজনৈতিক নেতৃত্বৰ অভাৱৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ দৰে শক্তি সমূহৰ দৌৰাত্ম্য বাঢ়িছে আৰু উক্ত অভাৱ পূৰণৰ বাবে এক শক্তিশালী বিকল্প হিচাপে চেষ্টা আৰম্ভ কৰিব এই একত্ৰিত দলটোৱে বুলি মন্তব্য প্ৰকাশ কৰিছিল অজিত ভূঞাই ৷ ইয়াৰ লগতে অগপকো কটাক্ষ কৰিছিল ভূঞাই ৷ ভূঞাৰ সেই কটাক্ষৰ উত্তৰ দিয়ে আজি অতুল বৰাই ৷
Last Updated :Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details