অসম

assam

স্বাধীনতা সংগ্ৰামী বিজয় চন্দ্ৰ ভাগৱতীৰ নামত উৎসৰ্গিত হ’ল পথ

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 4:30 PM IST

তেজপুৰত মন্ত্ৰী অশোক সিংহল

তেজপুৰ, 25 নৱেম্বৰ : তেজপুৰৰ প্ৰাক্তন সাংসদ, বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন সাংবাদিক প্ৰয়াত বিজয় চন্দ্ৰ ভাগৱতীৰ নামত উৎসৰ্গিত হল 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ ৷ মৃত্যুৰ 27 বছৰৰ পিছত তেজপুৰ পৌৰসভা আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত, তেজপুৰৰ ভাৰতীয় ষ্টেট বেংকৰ সন্মুখৰ পৰা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰলৈ মুকলি কৰা পথ নামাকৰণ কৰা হ’ল প্ৰাক্তন সাংসদগৰাকীৰ নামত ৷

অসম চৰকাৰৰ নগৰ উন্নয়ন আৰু গৃহ পৰিকল্পনা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে শনিবাৰে বিজয় চন্দ্ৰ ভাগৱতীৰ পুত্ৰ তথা প্ৰাক্তন ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া জৈমিনী ভাগৱতীৰ উপস্থিতিত অনুষ্ঠিত এক ৰাজহুৱা সভাত এই পথটো মুকলি কৰে ৷  

মন্ত্ৰী অশোক সিংহলে পথটো মুকলি কৰি কয় যে বহু আগতেই হ’বলগীয়া কামটো বহু পলমকৈ হ’লেও হৈ উঠিল ৷ প্ৰাক্তন স্বাধীনতা সংগ্ৰামী তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বিজয় চন্দ্ৰ ভাগৱতী জনতাৰ হকে কাম কৰি যোৱা এজন জননেতা ৷ তেজপুৰৰ পৰা তিনিবাৰকৈ সাংসদ হৈ তেজপুৰ তথা শোণিতপুৰ জিলাৰ বাবে অশেষ বৰঙণি আগবঢ়াই থৈ গৈছে তেওঁ ৷ 

লগতে পঢ়ক :হাগ্ৰামাক বিজেপিয়ে শত্ৰু বা মিত্ৰ এটাও গণ্য নকৰে : অশোক সিংহল

ABOUT THE AUTHOR

...view details