অসম

assam

Meera Borthakur Goswami Slams BJP: BJP চৰকাৰক তুলা-ধুনা মীৰা বৰঠাকুৰ গোস্বামীৰ

By

Published : Jun 26, 2023, 5:58 PM IST

BJP চৰকাৰক তুলা-ধুনা মীৰা বৰঠাকুৰ গোস্বামীৰ

গুৱাহাটী,২৬ জুন:সোমবাৰে ৰাজীৱ ভৱনত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে সম্বোধন কৰে এখনি সংবাদমেল । সংবাদমেলত বিজেপিৰ কেইবাটাও ক'লা অধ্যায় ফাদিল কৰে নেত্ৰীগৰাকীয়ে । অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰীয়ে ২৫ জুনৰ দিনটো ক'লা দিন বুলি প্ৰচাৰ কৰিব খুজিছে । জৰুৰীকালীন অৱস্থাৰ সেই দিনটোৰ বাবে ইতিমধ্য়ে কংগ্ৰেছে ভুল স্বীকাৰো কৰিছে । কিন্তু, বিমুদ্ৰাকৰণ কৰি বিজেপিয়ে অৰ্থনৈতিকভাৱে ভাৰতবৰ্ষত জৰুৰী অৱস্থা বাহাল ৰাখিছে বুলি কটাক্ষ কৰে মীৰা বৰঠাকুৰ গোস্বামীয়ে ।  

লগতে পুলৱামা কাণ্ডক লৈ জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে কৰা বিস্ফোৰণৰ কথাক লৈ বিজেপি নিমাত কিয় বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে মণিপুৰ জ্বলাৰ কাৰণ হ'ল কুকি উগ্ৰপন্থী সংগঠনৰে বিজেপি নেতা ৰাম মাধৱ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক । মীৰা বৰঠাকুৰে লগতে কয় যে স্বতন্ত্ৰভাৱে সংবাদ পৰিৱেশন কৰা সংবাদমাধ্যমসমূহৰো বাকস্বাধীনতা আৰু নিৰপেক্ষতাক অৱনমিত কৰিছে বি জে পি চৰকাৰে । সঁচাকৈ যদি সবকা সাথ সবকা বিকাশক বি জে পি চৰকাৰে বিশ্বাস কৰে তেন্তে কুকি উগ্ৰপন্থীৰ সৈতে থকা হিমন্ত বিশ্ব শৰ্মা, ৰাম মাধৱৰ সম্পৰ্কৰ বিষয়টো বিজেপি চৰকাৰে স্পষ্ট কৰাৰ দাবী জনায় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । 

লগতে পঢ়ক:Wild elephant calves trapped : মৰিয়নিত পানীৰ টেংকীত আৱদ্ধ বন্যহস্তীৰ পোৱালীক উদ্ধাৰ

ABOUT THE AUTHOR

...view details