অসম

assam

Brahmaputra water level rises: যিকোনো মূহুৰ্তত বন্ধ হৈ পৰিব পাৰে মাজুলী-নিমাতী ফেৰী সেৱা

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 8:13 PM IST

যিকোনো মূহুৰ্ত্বত বন্ধ হৈ পৰিব পাৰে মাজুলী-নিমাটি ফেৰী সেৱা

মাজুলী,২৬ আগষ্ট: বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । ব্ৰহ্মপুত্ৰ নদীৰ বাহনী পানীত ডুব গৈছে কমলাবাৰী ঘাটৰ ফেৰী ৰখোৱা ৰেম্পসমূহ । ব্ৰহ্মপুত্ৰ নদীৰ বাহনী পানীত নামি যাত্ৰীসকলে কৰিছে ফেৰিত উঠা নমা ।  

ৰেম্পসমূহ বুৰ যোৱাৰ বাবে চিকিৎসালয়ৰ পৰা ঘূৰি অহা এগৰাকী ৰোগীক এখন চকীত বহুৱাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে দাঙি গাড়ীত উঠাই দিয়া দৃশ্য বন্দী হৈছে কেমেৰাত । শনিবাৰে ফেৰী সেৱা চলাচল আছিল যদিও ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ আৰু বৃদ্ধি পাই থাকিলে যিকোনো মুহূৰ্তত বন্ধ হ'ব পাৰে মাজুলী-নিমাতী ফেৰী সেৱা । বিগত দিনতো ফেৰী ৰখোৱা ৰেম্পসমূহ ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীত ডুব যোৱাত মাজুলী-নিমাতী ফেৰী সেৱা বন্ধ ৰাখিবলগীয়া হৈছিল ।  

লগতে পঢ়ক:Pathetic condition of sub-health center: তিনিচুকীয়াত তথৈবচ অৱস্থাত উপ-স্বাস্থ্য কেন্দ্ৰ

ABOUT THE AUTHOR

...view details