অসম

assam

Lakshmi puja 2023: বাক্সা জিলাৰ গাৰামদেউত লক্ষ্মী পূজাৰ মহা আয়োজন

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 6:13 PM IST

লক্ষ্মী পূজাৰ মহা আয়োজন

বাক্সা, 28 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ পিচতে চৌদিশে লক্ষ্মী পূজাক লৈ উখল-মাখল পৰিৱেশ । শনিবাৰে বাক্সাৰ মুছলপুৰৰ সমীপৱৰ্তী গাৰামদেউত 84 সংখ্যক গাৰামদেউ শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰু সভা মহোৎসৱৰ শুভাৰম্ভ কৰা হয় । উদযাপন সমিতিৰ সভাপতি হেমন্ত ভঁৰালীয়ে জানিবলৈ দিয়া অনুসৰি এইবেলি পূজা আৰু সভা অন্য বছৰৰ দৰে গতানুগতিকভাৱে আয়োজন নকৰি সমূহ গাৰামদেউবাসী ৰাইজৰ সহযোগত কিছু ব্যতিক্ৰমী আৰু নতুন চিন্তাৰে আয়োজন কৰা হৈছে ।

কাইলৈৰ পৰা তিনিদিনীয়াকৈ অভিনন্দন থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব ৷ একক নৃত্য প্ৰতিযোগিতাৰ লগতে 1 নৱেম্বৰত আছে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ প্ৰীতি কলিতা আৰু সৌৰভ ৰাজৰ গীতৰ শৰাই । উদযাপন সমিতিয়ে পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে  । 

ABOUT THE AUTHOR

...view details