অসম

assam

Lampi Dease: লাম্পি ৰোগৰ ভয়াবহ সংক্ৰমণ, গো-পালকৰ হাহাকাৰ

By

Published : Jun 24, 2023, 4:31 PM IST

লাম্পি ৰোগৰ ভয়াবহ সংক্ৰমণ

মানিকপুৰ, 24 জুন :ৰাজ্যজুৰি লাম্পি ৰোগে ভয়াবহ ৰূপ লৈছে ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ ভাণ্ডাৰা, বালাৰপেটত গো পালকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । অঞ্চলকেইটাৰ শতাধিক পশুধন লাম্পি ৰোগত আক্ৰান্ত হৈছে । ইতিমধ্যে লাম্পি ৰোগত আক্ৰান্ত হৈ প্ৰায় 25 টা পশুধন মৃত্যুৰ মুখত পৰিছে ৷ আই নৈৰ বানৰ পিচতে গাঁও দুখনত পশুধনৰ বিভিন্ন বেমাৰ আজাৰ দেখা দিয়াত চিন্তিত হৈ পৰিছে গো পালকসকল। 

এইক্ষেত্ৰত বঙাইগাঁও জিলা পশু বিভাগে কোনো খবৰ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে গো-পালকসকলে ৷ স্থানীয় লোকে জনোৱা অনুসৰি গাঁও দুখনৰ প্ৰায় ৯০ শতাংশ লোকে গো-পালন আৰু খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে ৷  সেয়েহে অতি শীঘ্ৰেই গাঁও দুখনত পশু বিভাগে চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি ৰোগত আক্ৰান্ত পশুধনবোৰৰ চিকিৎসা কৰিবলৈ গো-পালক সকলে দাবী জনাইছে ৷ 

লগতে পঢ়ক:Deadbody recovered: গেলাবিল নদীত সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details