Deadbody recovered: গেলাবিল নদীত সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

By

Published : Jun 24, 2023, 2:23 PM IST

thumbnail

যোৰহাট,২৪ জুন: দেৰগাঁৱৰ গেলাবিল নদীত সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ । উক্ত ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । সন্ধানহীন লোকজনৰ মৃতদেহ উদ্ধাৰৰ খবৰ বিয়পি পৰা লগে লগে দেৰগাঁও গেলাবিল নদীৰ হাঁহচোৱাত চাঞ্চল্যকৰ পৰিস্থিতি উদ্ভৱ হয় । জানিব পৰা মতে, যোৱা ২২ জুন নিশাৰ ভাগৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন ।  

পৰিয়ালৰ লোকে সন্ধান অব্যাহত ৰাখিছিল যদিও কোনো সম্ভেদ পোৱা নাছিল লোকজনৰ । শনিবাৰে পুৱাৰ ভাগত দেৰগাঁৱৰ গেলাবিল নদীৰ হাঁহচোৱাত এটা মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো । মৃতদেহটোৰ শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন আৰু মূৰৰ ভাগত তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে ।  

গেলাবিল নদীত উদ্ধাৰ হোৱা মৃতদেহটো ঋতুপৰ্ণ বৰা ওৰফে ধন বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে । মৃত লোকজনৰ ঘৰ দেৰগাঁও থানাৰ অন্তৰ্গত কছাৰীপামত বুলি জানিব পৰা গৈছে । দুটি সন্তানৰ পিতৃ লোকজনৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । 

লগতে পঢ়ক: Corruption in bridge construction : কেন্দ্ৰীয় মন্ত্ৰীৰ গৃহ সমষ্টিত বিষয়া-ঠিকাদাৰৰ লুন্ঠনৰাজ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.