অসম

assam

Hindu temple Idol vandalized : বৰপেটাৰোডত দুৰ্বৃত্তই ভাঙিলে কালী মূৰ্তি

By

Published : Dec 30, 2022, 10:48 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

বৰপেটাৰোডৰ সাতভনীৰটুপত অঘটন ৷ সাতভনীৰটুপ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এটা কালি মন্দিৰৰ মূৰ্তিৰ মূৰটো কোনো দুৰ্বৃত্তই ভাঙি পেলায় (Hindu temple Idol vandalized at Borpeta road)৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে এক চাঞ্চল্যই ৷ যুগ যুগ ধৰি শান্তি-সম্প্ৰীতিৰে সাতভনীৰটুপত বসবাস কৰি অহা হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ (Communal clashes between Hindus and Muslims) লগাবলৈ কোনো দুৰ্বৃত্তই এই কাণ্ড সংঘটিত কৰাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে এই ঘটনাৰ খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় বৰপেটাৰোড আৰক্ষী আৰু আৰম্ভ কৰে তদন্ত ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

...view details