অসম

assam

বৰপেটাত জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মচাৰীৰ অসহযোগ ধৰ্ণা কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 3:42 PM IST

অসহযোগ ধৰ্ণা কাৰ্যসূচী

বৰপেটা, ২৯ ডিচেম্বৰ :সদৌ অসম জিলা প্ৰশাসন কর্মচাৰী সন্থাৰ নিৰ্দেশ মৰ্মে বৰপেটাতো জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মচাৰীসকলে অসহযোগ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । আয়ুক্ত কাৰ্যালয়ৰ কামকাজ সম্পূৰ্ণভাৱে স্থবিৰ হৈ পৰে । প্ৰশাসনীয় কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ দাবীত শুকুৰবাৰে কৰ্মচাৰীসকলে দিনজোৰা কৰ্মবিৰতি পালন কৰে ৷

জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীক সুকীয়া দৰমহা গাঁথনি প্ৰদানৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ত গাণনিকৰ পদ সৃষ্টি, NPS বাতিল কৰি OPS পুনৰ প্ৰচলন আদি দাবীসমুহ পূৰণৰ দাবীত প্ৰশাসনীয় কৰ্মচাৰীসকলে এইদৰে দিনজোৰা কৰ্মবিৰতি পালনেৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কৰ্মচাৰীসকলৰ অসহযোগৰ ফলত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ লগতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কামকাজ স্থবিৰ হৈ পৰে ৷

লগতে পঢ়ক :ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ কামকাজ অচল !

ABOUT THE AUTHOR

...view details