অসম

assam

Murder case at Duliajan: জ্যেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

By

Published : Jun 6, 2023, 6:24 PM IST

জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে কনিষ্ঠ ভাতৃয়ে

নাহৰকটীয়া, 7 জুন : ডিব্ৰুগড় জিলাৰ দুলীয়াজানত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ জ্যেষ্ঠ ভাতৃয়ে বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে কনিষ্ঠ ভাতৃক (Murder case at Duliajan)৷ দুলীয়াজানৰ বৰহুলা জুতুলিবাৰী চাহ বাগিচাত সোমবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । পাৰিবাৰিক সংঘাতৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে (Elder brother killed younger brother)। 

এই খবৰ পোৱাৰ পাচতে নাওহলীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত যুগনো মুড়াৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷ লগতে হত্যাৰ অভিযুক্ত ভাতৃ মদন মুড়াক কৰায়ত্ত কৰি সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। 

ABOUT THE AUTHOR

...view details