অসম

assam

কংগ্ৰেছতে থাকিব প্ৰাঞ্জল ঘাটোৱাৰ : জাকিৰ হুছেইন শিকদাৰ

By

Published : Sep 27, 2022, 6:33 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জাকিৰ হুছেইন শিকদাৰৰ (Jakir Hussain Sikdar slams BJP)। অসমত কংগ্ৰেছ শূন্য হ'ব বুলি দাবী কৰি অহা বিজেপিক এইবাৰ উভতি ধৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে । তেওঁ উল্লেখ কৰা মতে ২০১৪ চনৰ পৰাই বিজেপিয়ে দাবী কৰি আহিছে যে কংগ্ৰেছ শূন্য় হ'ব ৷ এতিয়া ২০২২ চলি আছে আৰু এতিয়াও সেই একেই কথাকে বিজেপিয়ে কৈ আছে বুলি দলটোক সমালোচনা কৰে বিধায়কগৰাকীয়ে ৷ তেওঁ কয় যে, এয়া বিজেপিৰ সপোন হে মাত্ৰ ৷ বিজেপিৰ এই সপোন কেতিয়াও পূৰণ নহয় বুলি দাবী কৰে শিকদাৰে ৷ ইয়াৰ বিপৰীতে ২০২৪ত (Upcoming Lok Sabha election 2022) বিজেপি শূন্য হ'ব বুলি তেওঁ দাবী কৰে ৷ তেওঁ আশাবাদী যে এইবাৰ ৰাইজে বিজেপিক শাসনৰ গাদীৰ পৰা আঁতৰাই দিব ৷ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ মতে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো (Congress Bharat Jodo Yatra) কাৰ্যসূচী আৰম্ভ কৰাৰ পাছতে বিজেপিত জোকাৰণিৰ সৃষ্টি হৈছে ৷ বিজেপিৰ নেতা সকলে ভয় খাইছে ৷ ইফালে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ পুত্ৰই বিজেপিত যোগদানৰ খবৰ ওলোৱাৰ বিষয়টোত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসম কংগ্ৰেছৰ পিতামহ পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে কেতিয়াও কংগ্ৰেছ এৰিব নোৱাৰে ৷ বিজেপিৰ নিৰ্বাচিত বিধায়কেহে ইয়াক লৈ চৰ্চা কৰিছে ৷ বিজেপিৰ বৰঘৰত আচলতে কি হৈ আছে ৷ আহি থকা দিনত কংগ্ৰেছীসকলক ভয় কৰি তেওঁলোকৰ এই জল্পনা কল্পনা চলিছে বুলিও মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে ৷
Last Updated :Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details