অসম

assam

Candle march at Sorbhog : কুকুৰ নিধনৰ অপৰাধীক চিনাক্ত কৰাৰ দাবীত সৰভোগত মৌন সমদল

By

Published : Dec 6, 2022, 12:16 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

সৰভোগৰ হাইৱে চ’কৰ মাংসৰ বজাৰত বিহ খুৱাই ১৬ টাতকৈ অধিক কুকুৰ নিধন কৰা কাৰ্যই আজি এমাহ অতিক্ৰম কৰিলে ৷ এমাহকাল অতিক্ৰম হোৱাৰ পাছতো কুকুৰ নিধন কৰা অপৰাধীক চিনাক্ত কৰিব পৰা নাই বৰপেটা জিলা প্ৰশাসনে ৷ এই অভিযোগ পশুপ্ৰেমীৰ ৷ সৰভোগৰ কুকুৰ নিধনৰ লগত জড়িত থকা অভিযুক্তক আটক কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীত সোমবাৰে সন্ধিয়া প্ৰকৃতিপ্ৰেমী আৰু অঞ্চলটোৰ সচেতন ৰাইজে মমবাতি লৈ এক মৌন সমদল বাহিৰ কৰে (Candle march at Sorbhog) ৷ হাতে হাতে মমবাতি লৈ সৰভোগৰ গান্ধী ময়দানৰ পৰা সৰভোগ বজাৰলৈ উলিওৱা হয় এই প্ৰতিবাদী মৌন সমদল (Candle march Protest demanding justice for dog killing in Barpeta) ৷ সৰভোগৰ গান্ধী ময়দানৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সমীপৰ পৰা আৰম্ভ হোৱা এই সমদল সৰভোগৰ হাইৱে চ’কৰ মাংসৰ বজাৰ হৈ পুনৰ গান্ধী ময়দানত সামৰণি পৰে (Candle march at Sorbhog) ।
Last Updated :Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details