অসম

assam

CM monitors Bihu practice: সৰুসজাইত বিহু আখৰাৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

By

Published : Apr 11, 2023, 10:58 PM IST

বিহু আখৰাৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, ১১ এপ্ৰিল :বিশ্ব অভিলেখৰ দিশে অসম । বিশ্ব দৰবাৰত বিহুক প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা সাৰ্থক হ’বলৈ মাজত মাথোঁ দুটা দিন বাকী (Bihu in Guinness book of world records) । চৈধ্য এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত এঘাৰ হাজাৰ বিহুৱা-বিহুৱতীয়ে একেলগে মহানগৰীৰ লখৰাস্থিত সৰুসজাই ষ্টেডিয়ামত বিহু প্ৰদৰ্শন কৰি গঢ়িব বিশ্ব অভিলেখ । প্ৰায় এমাহ যোৰা জিলা ভিত্তিত আখৰাৰ পিচত মঙলবাৰে মহানগৰীৰ সৰুসজাইৰ ষ্টেডিয়ামত একেলগে আখৰা কৰে এঘাৰ হাজাৰ বিহুৱা-বিহুৱতীয়ে । ৰাতিপুৱাৰ ভাগতে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা অহা অংশগ্ৰহণকাৰীয়ে ভিৰ কৰিলেহি সৰুসজাই ষ্টেডিয়ামত । মুখ্য প্ৰশিক্ষক ৰঞ্জিত গগৈৰ তত্বাৱধানত দিনটো আখৰাত ব্যস্ত থাকে বিহুৱা-বিহুৱতীসকল (Guinness book of world record Assam Bihu) । 

ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে মন্ত্ৰী মণ্ডলৰ মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত, অশোক সিংহল আৰু জয়ন্ত মল্ল বৰুৱাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে পৰিদৰ্শন কৰে সৰুসজাই ষ্টেডিয়ামত চলি থকা যুদ্ধকালীন আখৰা । দিনৰ ভাগত প্ৰখৰ ৰ’দত আখৰা কৰাৰ বাবে মাটিত ধলি পৰা দেখা যায় কেইবাগৰাকীও বিহুৱতী (Bihu dance rehearsal) । 

সন্ধিয়াৰ ভাগত আখৰাস্থলীত মুখ্যমন্ত্ৰী উপস্থিত হৈ বিহুৱা-বিহুৱতীয়ে সকলৰ আখৰা পৰিদৰ্শন কৰাৰ লগতে মত বিনিময়ো কৰে সকলোৰে লগত । কাইলৈ এঘাৰ বজাত ষ্টেডিয়ামত উপস্থিত হৈ পুনৰ আখৰা পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে । ১৩ এপ্ৰিলৰ দিনটোত মুখ্যমন্ত্ৰী গৰাকীয়ে বিহুৱা-বিহুৱতীসকলক এক বিশেষ পুৰস্কাৰ প্ৰদান কৰিব বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক :Mega Bihu event: বিহুৰ বিশ্ব অভিলেখৰ পৰা বঞ্চিত বিহুৱা ৰূপম ডেকা

ABOUT THE AUTHOR

...view details