ETV Bharat / state

Mega Bihu event: বিহুৰ বিশ্ব অভিলেখৰ পৰা বঞ্চিত বিহুৱা ৰূপম ডেকা

author img

By

Published : Apr 11, 2023, 9:15 PM IST

বিহুৰ বিশ্ব অভিলেখক লৈ ৰাজ্যজুৰি তুমূল চৰ্চা । ঢোল-পেঁপাৰ শব্দত কঁপি উঠিছে সৰুসজাই । পিছে এই ঐতিহাসিক ক্ষণৰ আংশীদাৰ হোৱাৰ পৰা বাদ পৰি ৰ'ল অভিজ্ঞতা সম্পন্ন বিহুৱা ৰঙিয়াৰ ৰূপম ডেকা । এই লৈ আক্ষেপ প্ৰকাশ কৰে বিহুৱা ৰূপম ডেকাই (Bihuwa Rupam Deka on Mega Bihu event)।

Guinness book of world record Assam bihu
বিহুৰ বিশ্ব অভিলেখৰ পৰা বঞ্চিত বিহুৱা ৰূপম ডেকা

বিহুৰ বিশ্ব অভিলেখৰ পৰা বঞ্চিত বিহুৱা ৰূপম ডেকা

ৰঙিয়া,১১ এপ্ৰিল: ৰাজ্যজুৰি ৰঙালীৰ উচাহ । ঢোল-পেঁপাৰ মাতত মুখৰিত হৈছে চৌদিশ । ইফালে বিহুক বিশ্বমুখী কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নেতৃত্বত ১৪ এপ্ৰিলত সৰুসজাইত প্ৰধানমন্ত্ৰীৰ সন্মুখত দহহাজাৰৰো অধিক বিহুৱা-নাচনীয়ে প্ৰদৰ্শন কৰিব বিহু (Guinness book of world record Assam bihu) । ইতিমধ্যে ১১ এপ্ৰিলৰে পৰা ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা প্ৰশিক্ষণ লৈ সৰুসজাইত দহ হাজাৰৰো অধিক বিহুৱা-নাচনীয়ে একেলগে কৰিছে চূড়ান্ত আখৰা (Bihu Guinness world record) । পিচে এই ঐতিহাসিক ক্ষণৰ আংশীদাৰ হোৱাৰ পৰা বাদ পৰি ৰ'ল নেকি বহু অভিজ্ঞতাসম্পন্ন বিহুৱা ?

বিহুৰ বিশ্ব অভিলেখ আংশীদাৰ হোৱাৰ পৰা বঞ্চিত ৰঙিয়াৰ অভিজ্ঞ বিহুৱা প্ৰশিক্ষক ৰূপম ডেকা । অডিচনত বাচনিভুক্ত হৈ পাঁচ দিনীয়া বিহুৰ আখৰালৈকে অংশগ্ৰহণ কৰাৰ পিচতো ১৪ এপ্ৰিলত বিশ্ব অভিলেখৰ বাবে সৰুসজাই ষ্টেডিয়ামত হ'ব লগীয়া অনুষ্ঠানত ভাগ লোৱাৰ পৰা বঞ্চিত এগৰাকী অভিজ্ঞতাপুষ্ট বিহুৱা হিচাপে খ্যাতি থকা ৰূপম ডেকা । কাৰ ভুলৰ বাবে বঞ্চিত হ’ব লগীয়া হ'ল ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিহু প্ৰদৰ্শন কৰি বহু পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হোৱা এইগৰাকী বিহু প্ৰশিক্ষক ৰূপম ডেকা ।

এইলৈ ক্ষোভ প্ৰকাশ কৰে বঞ্চিত প্ৰশিক্ষক ৰূপম ডেকাই (Bihuwa Rupam Deka on Mega Bihu event) । আনফালে বিশ্ব অভিলেখৰ বাবে সৰুসজাই ষ্টেডিয়ামত প্ৰস্তুত কৰা প্ৰ’ম’ ভিদিওতো ঢোল বজাইছিল প্ৰশিক্ষক ৰূপম ডেকাই । প্ৰশিক্ষকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বিহুত অংশগ্ৰহণ কিয় কৰিবলৈ দিয়া নহ'ল এই বিষয়ে জানিবলৈ বিচৰাত কৰ্তৃপক্ষই কোনো কাৰণ দৰ্শোৱাৰ পৰা বিৰত থাকে । প্ৰায় ডেৰ দশক ধৰি বিহুৰ লগত জড়িত হৈ থকা ৰূপম ডেকাই কি কাৰণৰ, কাৰ ভুলৰ বাবে বঞ্চিত হব লগা হ’ল সেয়ে কৈ প্ৰশাসনৰৰ ওচৰত তদন্তৰ দাবী জনাইছে (World Records through Bihu) ।

ইফালে বিহুৱাগৰাকীয়ে বিহুৰ প্ৰাকঃক্ষণত ৰঙিয়াৰ এদল উদ্যমী যুৱক-যুৱতীক লগত লৈ চলাই গৈছে বিহুৰ আখৰা । প্ৰশিক্ষকগৰাকীৰ তত্বাৱধানত কেইবাগৰাকীও ঢুলীয়াই প্ৰশিক্ষণ লৈ বুলনি তুলিছে ঢোলত । বিহুৰ বিশ্বমুখী যাত্ৰাত ভাগ ল'বলৈ নোপোৱাৰ আক্ষেপ থাকিলেও হেঁপাহৰ বিহুটিক আদৰিবলৈ সাজু বিহুৱা ৰূপম ডেকা ।

লগতে পঢ়ক: Amrit pal Singh updates : ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী অমৃতপালৰ সিঙৰ ঘনিষ্ঠ পাপলপ্ৰীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.