অসম

assam

New Year 2023 : সুৰা অবিহনে নৱবৰ্ষক আদৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

By

Published : Dec 25, 2022, 1:56 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

সমাগত ইংৰাজী নৱবৰ্ষ । ইতিমধ্যে নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী (New year preparation in Assam)। কিন্তু এইবাৰ সুৰা অবিহনে নৱবৰ্ষক আদৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ৰাইজক এই আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ (Assam CM request for new year celebration)। সুৰাপান কৰি বাহন নচলাবলৈও ৰাজ্যবাসীক অনুৰোধ জনালে মুখ্যমন্ত্ৰীক (Assam CM appeal not to drink and drive)। বনভোজলৈ যোৱাৰ সময়তো যাতে চালকে সুৰাপান কৰি বাহন নচলায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনালে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । শনিবাৰে ডিব্ৰুগড়ৰ টিংখাঙৰ এখন বিশাল জনসভাত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে সুৰাপান নকৰিবলৈ আহ্বান জনালে । ইফালে নতুন বছৰৰ প্ৰাকক্ষণত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সষ্টম হৈছে আৰক্ষী তথা প্ৰশাসনে । ঠায়ে ঠায়ে সুৰাপায়ী চালকৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰা হৈছে ।
Last Updated :Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

...view details