অসম

assam

Drone Dropped Weapon : কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাত পাকিস্তানী ড্ৰোণেৰে পেলোৱা অস্ত্ৰ উদ্ধাৰ

By

Published : Nov 24, 2022, 4:26 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে (Jammu and Kashmir police) বৃহস্পতিবাৰে চাম্বা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তানৰ দ্বাৰা পেলোৱা এটা ড্ৰোণ উদ্ধাৰ কৰা বুলি দাবী কৰিছে । আৰক্ষী বিষয়াসকলৰ মতে, উক্ত ড্ৰোণটো পাকিস্তানৰ ফালৰ পৰা আহিছিল আৰু চাম্বাৰ ছোৱোংকা অঞ্চলত নিয়ন্ত্ৰণৰেখাৰ (Line of Control) ওচৰত পেলাইছিল । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ড্ৰোণটোৰ সৈতে ছীল কৰা পেকেট সংলগ্ন কৰা আছিল । তাৰ পিছত বোমা নিষ্ক্ৰিয়কাৰী দলক মাতি অনা হয় । পেকেটটোত তালাচী চলোৱাৰ পিছত ২ টা পিষ্টল, ৪ টা লোডেড মেগজিন, এটা ষ্টীল আইইডি, ঘড়ী, বেটাৰী আৰু ১০ পেকেট নগদ ধন উদ্ধাৰ কৰা হয় (Arms and ammunition recovered in LoC JK) । উল্লেখ্য, জম্মু-কাশ্মীৰৰ বিজয়পুৰ আৰক্ষী থানাৰ এটা দলে বোমা নিষ্ক্ৰিয়কাৰী গোটৰ সহযোগত বৃহস্পতিবাৰে পুৱতি নিশা চাম্বা জিলাত ড্ৰোণেৰে নিক্ষেপ কৰা এটা সন্দেহজনক টোপোলা উদ্ধাৰ কৰে (packet dropped by drone in Jammu and Kashmir)। সম্পূৰ্ণভাৱে ছীল কৰা এই টোপোলাটো চাম্বাৰ ছানি মানহাচানৰ ওচৰৰ এখন পথাৰৰ পৰা উদ্ধাৰ কৰা বুলি আৰক্ষীৰ এক সূত্ৰই সদৰী কৰিছে (sealed packet recovered in Samba)।
Last Updated :Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details