অসম

assam

AMSU protest: বাঘজান কাণ্ডৰ মূল অভিযুক্ত কোম্পানীয়েই পুনৰ ধেলাখাটত চলাইছে খনন

By

Published : May 28, 2023, 2:04 PM IST

বাঘজান অগ্নিকাণ্ডৰ মূল অভিযুক্ত জ'ন এনাৰ্জি

তিনিচুকীয়া, ২৮ মে': ২০২০ চনৰ ২৭ মে'ৰ দিনটোতে সমগ্ৰ দেশকে জোঁকাৰি যোৱা বাঘজান অগ্নিকাণ্ডৰ মূল অভিযুক্ত জ'ন এনাৰ্জি নামৰ বিতৰ্কিত তৈল খনন কোম্পানীটোৱে পুনৰ লাভ কৰিছে খননৰ ঠিকা (Fear of Baghjan tragedy in Tinsukia) ৷ অভিশপ্ত বাঘজান তৈলখাদৰ সমীপৱৰ্তী ধেলাখাট অঞ্চলত পুনৰ খাৰুৱা তেলৰ খননকাৰ্য আৰম্ভ কৰিবলৈ লোৱাত বৃহত্তৰ ধেলাখাট অঞ্চলৰ লগতে সমীপৱৰ্তী ৰাইজ শংকিত হৈছে । তাৰ প্ৰতিক্ৰিয়া স্বৰূপে শনিবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ এটি সজাতি দলে ধেলাখাটৰ উক্ত স্থান পৰিদৰ্শন কৰে (All Moran Students Union)।

সজাতি দলটোৱে লগতে অইল ইণ্ডিয়া লিমিটেডে ব্লেক লিষ্ট কৰা জ'ন এনাৰ্জি নামৰ বিতৰ্কিত তৈল খনন কোম্পানীটোৱে পুনৰ খননকাৰ্যৰ অনুমতি লাভ কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে (Protest against Crude oil mining in Dhelakhat)। অইল ইণ্ডিয়া লিমিটেডৰ পৰা স্পষ্টীকৰণ নহা পৰ্যন্ত উক্ত তৈল খাদটোৰ কাম বন্ধ ৰাখিবলৈ দাবী উত্থাপন কৰে সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ সভাপতি সত্যজিৎ দুৱৰাই ।

ইফালে, অভিশপ্ত বাঘজান কাণ্ডই শনিবাৰে তিনিটা বৰ্ষ অতিক্ৰম কৰিলে । বাঘজানৰ ক’লা ধোঁৱাৰ বেদনাদায়ক দৃশ্য আজিও বাঘজানবাসীৰ চকুৰ আগৰ পৰা মাৰ যোৱা নাই । অভিশপ্ত এই দিনটোক বাঘজানবাসীয়ে ক'লা দিৱস হিচাপে পালন কৰিছে । কালি বাঘজান গাঁৱত বাঘজান মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত ক'লা দিৱস পালন কৰি ক'লা পতাকা উত্তোলন কৰাৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ অবৈধ খননৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগান দিয়ে ।

লগতে পঢ়ক:Arunodoi Scheme Scam: প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হ’ল চাকৰিয়ালৰ

ABOUT THE AUTHOR

...view details